১) প্ৰশ্ন: “জোনাকৰে ৰাতি, অসমীৰে মাটি”.. এৰাবাটৰ সুৰ কথাছবিৰ এই বিখ্যাত গীতটিৰ গীতি সাহিত্যৰ ক্ষেত্ৰত অদ্বিতীয় বৈশিষ্ট আছে। কি জানেনে?
উত্তৰ: এইটোৱেই কেৱল এনে এটি অসমীয়া গীত, যিটোৰ কথাংশ ৰৈখিক বা linear lyricsত ৰচিত; অৰ্থাত্ গোটেই গীতটোত কোনো এটা শাৰীৰ পুনৰাবৃত্তি হোৱা নাই।
২) প্ৰশ্ন: বিহুগীতত ব্যৱহৃত সকলো বাজনাৰ ভিতৰত কেৱল এবিধ বাজনা মাটিৰে নিৰ্মিত। বাজনাবিধৰ নাম কি জানেনে?
উত্তৰ: সুতুলি।
৩) প্ৰশ্ন: ভূপেন হাজৰিকাৰ কণ্ঠত বাণীবন্ধন হোৱা প্ৰথম গীতটো কি?
উত্তৰ: কাষতে কলচী লৈ যায় ঐ ৰচকী বাই। কথা-সুৰ: বিষ্ণু ৰাভা।
৪) প্ৰশ্ন: .ইংৰাজৰ বিৰুদ্ধে প্ৰথম অসমীয়া বিদ্ৰোহ কিমান চনত আৰু কাৰ নেতৃত্বত হৈছিল?
উত্তৰ: ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গোমধৰ কোঁৱৰৰ নেতৃত্বত।
৫) প্ৰশ্ন: প্ৰথম অসমীয়া ছপা পুথি কোনখন?
উত্তৰ: ধৰ্ম পুস্তক।
৬) “অসমত যাৰ জন্ম, যি অসমত স্থায়ীভাৱে বসবাস কৰিছে, যি অসমীয়া ভাষা কয়, যি অসমৰ জাতীয় জীৱনৰ সৈতে নিৰৱিচ্ছিন্ন সম্পৰ্ক গঢ়ি তুলিছে আৰু অসমৰ স্বাৰ্থ-স্বত্ব সংৰক্ষণৰ অৰ্থে আন্তৰিকতাৰে সৈতে বৰঙণি যোগাইছে, তেৱেঁই অসমীয়া । ” – অসমীয়া সম্বন্ধে এই সংজ্ঞা কোনে আগবঢ়াইছিল?
উত্তৰ: ড° লীলা গগৈ।