24
লেখক: প্ৰাণজিৎ বৰুৱা
(১) তিনি আলিত ৰ’লো, ছোৱালী জোকাওঁ বুলি
এজনীক দেখি কমেন্ট দিলো ভন্টী লাগিছে তোমাক গুলি
তাই চালে বেঁকাকৈ ,
তললৈ হাউলী লাহেকৈ ,
মোলৈ চোঁচা ল’লে,ৱতাই হাই হিলজোৰ খুলি ।
(২) গুটখা বন্ধ কৰি স্বাস্থ্য মন্ত্ৰীৰ হুংকাৰ
অসম মুক্ত হ’ব ধপাতৰ, কমি যাব কেঞ্চাৰ
পানদোকানীৰ প্ৰতিবাদ ,
কেনেকৈ মোকলাওঁ পেটৰ ভাত ,
গুটখাই কে’লে, মদ, চিগাৰেটো দেখোন হেলথৰ বাবে সমানেই ডেঞ্জাৰ ।
(৩) বিয়নী মেল এতিয়া হ’ল বোলে অতীত
সকলো বিজি ৰং, কালাৰ্ছ, জী টিভিত
পৱিত্ৰ ৰিষ্টা, ৰাগিনি আৰু ভাৰাঘৰ ,
সকলোবোৰ মহিলা সংস্থাৰ বৰ মৰমৰ ,
কাৰেন্ট গ’লেও ডেমকেয়াৰ দিনত আকৌ দিয়ে যে চব ৰিপিট ।
(৪) অসমত এতিয়া বেষ্ট ছেলাৰ নীলমনি ধাবা
বিশ টকাত আঠ জনে পেট ভৰাবলৈ পাবা
মন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয় ,
ধাবালৈ সেয়ে মানুহৰ তামাম সোঁত বয় ,
ধাবাত হেনো লিখা আছে,”আঢ়ৈ টকাত খাই বৈ এমাহ বাচন ধুবা ।”