লেখিকা: অবন্তিকা পৰাশৰ
দুটামান সৰু সৰু প্ৰশ্ন আপোনালোকে বাৰু কেতিয়াবা মন কৰিছেনে, এটা দিনৰ ভিতৰত আপোনালোকে কিমানজন ‘মানুহক’ লগ পায় ? দহ, বিছ, ত্ৰিশ ভিন্ ভিন মানুহৰ কাৰণে উত্তৰটো বেলেগ বেলেগ হ’য়। পুৱাই নাকে কানে কিবা এটা গুজি দিনটোৰ কাৰণে ওলাই আহি কোনো এটা মাণ্টিনেশ্যনেল কোম্পানীৰ বৰমূৰীয়াজনে ক’ব এশ, দুশ, তিনিশ কিমান হিচাপ কৰি থাকিম মই। অথবা ভাত পানী ৰান্ধি, ঘৰ সৰা –মোচা কৰাকেই জীৱনৰ পৰম লক্ষ্য বুলি স্থিৰ কৰি লোৱা সুদক্ষ গৃহিণী গৰাকীয়ে এনেকৈও ক’ব পাৰে- অতগাল কাম কৰি অটাও মানে দিনটো শেষেই হয়চোন, কাক লগ পাম? কেতিয়াবা এনেই কাষৰে শৰ্মানী, বৰুৱানী, শইকীয়ানী আহে কথা পাতো, টি.ভি চাও। যৌৱনৰ ভৰত তগবগাই থকা কলেজীয়া ল’ৰা ছোৱালীকেইটাৰ উত্তৰেই বেলেগ- ‘আবে দোস্ত, গোটেই ক’লেজেই মোৰ পিছত ঘূৰে, এদিনতে কিমানক হাই-হেল্ল কৰো তাৰ হিচাপ খতম হোৱাৰ আগতেই মই নিজেই খাল্লাচ হৈ যাম ।’
মই এই তামোল চোবাই চোবাই পৰচৰ্চা কৰা বৰুৱানী শইকীয়ানী, কলেজৰ প্ৰেম কোঁৱৰজনৰ অথবা কামৰ পাছত দৌৰতে দৌৰতে যন্ত্ৰ হৈ পৰা প্ৰাণী কিছুমানৰ কথা কোৱা নাই। মানুহৰ কথা শুধিছো। ছাইছেনে কেতিয়াবা হিচাপ কৰি।
আচ্ছা, আৰু এটা প্ৰশ্ন- আপোনালোকে বাৰু ‘মানুহ’ শব্দটোৰ অৰ্থ কি বুলি বুজে? দুখনকৈ হাত ভৰি, চকু-কাণ থকা কথা ক’ব পৰা ক্ষমতা, চিন্তা কৰিব পৰা মগজু এইবোৰৰ অধিকাৰীজনেই বাৰু মানুহ হৈ যায়নে? এই যে বাতৰি কাকতখন মেলিলেই দেখো পুত্ৰৰ দাৰ ঘাপত পিতৃৰ অথবা পতিৰ হাতত পত্নীৰ হত্যাৰ দৰে ঘটনাবোৰ বা নিজৰ স্বাৰ্থ সিদ্ধিৰ নামত লাখ লাখ দুৰ্ভগীয়াক বঞ্চিত কৰি নিজৰ পকেট গৰম কৰা ঘটনাবোৰৰ আৰৰ নায়ক সকল – তাহাতো একোটা মগজু আৰু বাক শক্তিৰ অধিকাৰী, তাহাত বাৰু মানুহ হোৱাৰ যোগ্যনে? আৰু যি সকলক আমি একো বুলিয়েই গণ্য নকৰোঁ যেনে ধৰক পুৱাই পুৱাই জাৱৰ-যোথৰ চফা কৰিবলৈ অহা জামাদাৰজাত অথবা অসহ্য গৰমৰ দিনকেইটাত দেই পুৰি যোৱা ৰ’দত ঠিয় হৈ আমাক ডাবৰ পানী বেছা মানুহজন তেওঁলোকৰ বিষয়ে আপোনাৰ মতামত কি ?
এগৰাকী মানুহৰ কথা কও । তেওঁৰ নামটোনো কি সেয়া নাজানো, বয়স সত্তৰৰ ওচৰা-উচৰি । মানুহৰ ঘৰে ঘৰে গৈ কাম কৰে তেওঁৰ পেছা। তেওঁ কাম কৰা অঞ্চলটো, মানে য’ত মই থাকো, সেইটো ছাত্ৰ-ছাত্ৰী বসতি প্ৰধান, ইয়াতে ঘৰ ভাড়া কৰি থাকিবলৈ লোৱা ল’ৰা-ছোৱালিবোৰৰ ঘৰে ঘৰে গৈ কাম কৰে তেওঁ, সকলো ধৰণৰ কাম, ঘৰ সৰা-মোচা কৰা, কাপোৰ-কানি ধোৱা, ভাত ৰন্ধা ইত্যাদি ইত্যাদি ( সময় মিলিলে তেওঁ আনকি শুকোৱা কাপোৰ বোৰ চপায় আনি ধুনীয়াকৈ জাপি কুচিও থৈ যায় হেনো )। দেখিবলৈ মানুহজনী শুকান উকান, বয়সৰ কাৰণেই নেকি, চুলি সৰি সৰি নোহোৱাই হৈছেগৈ। যিকেইডাল আছে, তাকে তেল সানি, তামোল এটাৰমান খোপা এটা বান্ধি, কান্ধত বেগ এটা লৈ তেওঁ কামলৈ আহে।
মানুহজনীয়ে মই বৰ্তমানে থকা ঘৰটোৰ পৰা কিছু আঁতৰত থকা ঘৰ এটাত কাম কৰে। সেই সূত্ৰে মোৰ কোঠাৰ সন্মুখেৰে অহা-যোৱা কৰোঁতে তেওঁক প্ৰায়েই দেখা পাওঁ। প্ৰথমতে মন কৰা নাছিলো, দিনটোত কিমানজন মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৰে পাৰ হয়, কোনে হিচাপ ৰাখে (?), কিন্তু লাহে লাহে মন কৰিবলৈ আৰম্ভ কৰিলো। ইমান বয়সস্থ মহিলা, দেখিলেই বাগৰি পৰিব যেন লগা এই মানুহগৰাকীয়ে ঠাণ্ডা হওক, গৰম হওক সদাই একে সময়তে ক’লৈ যায় তেতিয়া জনা নাছিলো মই। কাপোৰ কানি, ধৰণ-কৰণ দেখিলেতো নেলাগে যে তেওঁ ক’ৰবাৰ চাকৰিয়াল আৰু ইয়াম বয়স্থ মানুহজনীক যে কোনোবাই ঘৰুৱা কামত লগাব ভাবিবলৈ টান লাগে দেখোন। তেওঁক দেখিলেই মোৰ আইতাৰ কথা মনত পৰে, একেই দাঁত সৰা মুখ, সোঁতোৰা পৰা চাল, তামোলটোৰ মান খোপা, মই যে কেতিয়াও তেনেকৈ ভাবিব নোৱাৰো পাই।
এদিন লগৰ এজনীৰ লগত পুৱা বেলকনিত ঠিয় হৈ আছিলোঁ, তেতিয়া ন বাজো বাজো, সেই মানুহজনীয়ে মোৰ কোঠাৰ আগেৰে খৰ খেদাকৈ পাৰ হৈ গ’ল। মই মোৰ লগৰজনীক শুধিলো- এই মানুহজনী কোন হয় অ’?
“আৰে, এই পাৰ্টটাইম কাম কৰে, বহুত অসমীয়াৰ ঘৰত কাম কৰে তাই।‘’
এইবাৰ মোৰ আচৰিত হোৱাৰ লগতে খং খোৱাৰ পাল- ‘ইমান বুঢ়ী মানুহজনীৰ হতুৱাইনো কোনোবাই কাম কৰোৱাই নে ?’
‘আৰে বুঢ়ী সাংঘাতিক বস্তু, বয়স হ’ব পাৰে, কিন্তু বঢ়িয়া কাম কৰে। চাফা, চুৰি টাৰিৰ লেথা নাই। আৰু তাই নিজেই কয় মোক যদি সহায় কৰিব খুজে তেনেহলে মোক কামত লগা।’
‘কিয়’ মই আকৌ আচৰিত হলোঁ ।
‘আৰে তাইৰ কাহিনী কিবা ধৰণৰ, বঙালী হয়- গিৰীয়েকটো আৰু পুতেকটো ঢুকাল, বোৱাৰীয়েক আৰু নাতি কেইটাৰ লগত থাকে। বোৱাৰীয়েকজনী বেমাৰী, সেইদেখি তাই বোৱাৰীয়েকক কাম কৰিব নিদিয়ে। ঘৰ চলাবৰ কাৰণে নিজে এনেকৈ কাম কৰি ফুৰে, আৰু ইমান স্বভিমানী তাই, কোনোবাই এনেই দিলে মৰি গ’লেও একো নলয়, তাইৰ এটাই কথা কাম কৰিম আৰু পইছা ল’ম।’
তাৰে কিছুদিনৰ পাছৰ কথা, লগৰ এজনৰ লগত ৰাতিৰ কাৰণে তৰকাৰী বজাৰ কৰি আহি আছিলো, বাটতে লগ পালো তেওঁক, মোৰ লগৰজনে মানুহজনীক ভাল কৈয়েই জানে, মোৰো তেওঁৰ লগত কথা পাতিবলৈ মন গৈয়েই আছিল। সেয়ে দুয়ো তেওঁ কাষ চাপি গৈ শুধিলো- কি খবৰ আপোনাৰ?
মানুহজনীয়ে অলপ সময় আমাক জুপি জুপি চালে ( বেছেৰীয়ে বা চকুৰে কিমানখিনিলৈকে দেখে) তাৰ পাছত লগৰজনক চিনি পাই মাত লগালে, ‘মোৰ ভাল দে বাপা ।’
মোৰ লগৰজনে কথা কোৱাৰ আৰ্টটো বঢ়িয়াকৈ জানে, গতিকে সি ধুনীয়াকৈ কথা আগবঢ়াই লৈ গ’ল, শুধিলে- ইমান দৌৰা দৌৰিকৈ ক’লৈ যায়?
ক’ত যাম আৰু ? এটা ঘৰৰ কাম বাকী আছে মানে ভাত বনাব লাগিব, তাৰ পৰা জলদি ঘৰ যাব লাগে, নাতিটোৰ অসুখ, এনেদৰেই সৰু-সুৰাকৈ কথা বতৰা চলিল। ঘৰ ক’ত বুলি সুধোতে বঙালী মূলৰ মানুহজনীয়ে ক’লে- ‘পশ্চিমবংগৰ যাদবপুৰৰ কাষে আমাদেৰ বাৰী। কেতিয়াবা যাও। এদিনৰ বেছি নাথাকো, তাত থকা কেইটাৰ খাবলৈ নাই, মই কিয় এনেই বোজা হ’ম, এতিয়া দিল্লীতেই মোৰ ঘৰ।
দিনত কিবা খালেনে ? মোৰ লগৰজনে শুধিলে ।
‘ক’ত খাবি? দিনটো একো খোৱা নহ’ল, ইমান কাম। দোকানত যোৱাৰ সময়েই নহ’ল, কাম কৰা ঘৰবোৰতো খাবলৈ বেয়া লাগে, নিজে খা বুলি নোকোৱালৈকে মইনো উপযাচি খাও কেনেক ? ‘বলক মোৰ লগত জুছ খাব’ । মোৰ লগৰজনে ক’লে ।
‘নাযাও দে বোপা, ঘৰত দুটাকৈ বেমাৰী আছে। তাহাতক এৰি মই খামনে? খুৱাম বুলি যে কৈছে সেয়ে বহুত।
কেতিয়াবা ন’হ’লে চাহ খাবলৈ আহিব মোৰ তাত, সৌটো ঘৰত মই থাকোঁ, মই থকা ঘৰটোলৈ আঙুলিয়াই মই ক’লো।
হ’ব দে মাই। তহঁত ডেকা তহঁতে ভালকৈ খাব লাগে, আমি বুঢ়া হ’লো, নাখালেও চ’লে। মৰালৈকে কাম কৰিম, বেমাৰি বোৱাৰীজনীৰ কাৰণে পিচা লাগে, কাম থাকিলে ক’বি , আহিম। এই বুলি কৈ তেওঁ গুচি গ’ল।
লগৰজনে ক’লে দেখিলা কিমান আত্মভিমানী মানুহজনী, হ’ব পাৰে দুখীয়া কিন্তু মৰি গ’লেও বেলেগৰ ওচৰত হাত নাপাতে।
মানুহজনীৰ কথাবোৰে মোৰ মনত দোলা দি থাকিল। তেওঁ বাৰু এইখন দিল্লীৰেই বাসিন্দা নে য’ত শাহুৱেকে বোৱাৰীয়েকৰ যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰে। কিমান আকাশ-পাতাল পাৰ্থক্য, এইজনী মানুহে বোৱাৰীয়েকৰ দৰবৰ কাৰণে ঘৰে ঘৰে কাম কৰি কৰিছে। বেমাৰী বোৱাৰীয়েকে খাবলৈ নোপোৱাৰ কাৰণেই তেওঁ লোভনীয় জুচৰ গিলাচত মুখ দিয়া নাই, এনেকৈয়ে জাৰ-জহ নেওচি কাম কৰোতে কষ্ট হৈছে; তথাপিও তেওঁ বিনা পৰিশ্ৰমে কাৰো পৰা একোৱেই লোৱা নাই, হ’ব পাৰে মানুহজনীৰ সপোন-আশাবোৰ সৰু সৰু বা বহুতৰ কাৰণে তাই একো লেখত লবলগীয়া বিধৰ নহয়। কিন্তু তাৰ মাজত সততা অথবা জীৱ শ্ৰেষ্ঠ হোৱাৰ গৌৰৱ আছে। এই মানুহজনীক- ‘পিচিমাইক’ মোৰ মানুহ বুলি ক’বলৈ মন যায় । সঁচা অৰ্থত মানুহ, আপোনালোকে কি কয় ?