লেখক: জয়দ্বীপ চক্ৰৱৰ্তী

চৈধ্য পুৰুষৰ পৰা আমাৰ তপা বংশ,

মোৰো ধুনীয়া চুলি কোচা হব নেকি ধ্বংস।

অন্তৰৰ দুখৰ কথা শ্ৰীমতীক ক’লো খুলি,

শ্ৰীমতীয়ে উপায় দিলে জেতুকা দিয়া বুলি।

জাৰত কঁপি জেতুকা মুৰত বহি ৰ’লো দিনভৰ,

কালি ৰাতিৰে পৰা মোৰো উঠি থাকিল জ্বৰ।

মনৰ দুখত ফেচবুকতে “জ্বৰ” বুলি আপদেট দিলোঁ,

ভালে কেইগৰাকী বন্ধুৰ পৰা বিনামূলীয়া উপদেশ পালোঁ।

এজনে ক’লে কবিতা লিখি খালেহে কমিব জ্বৰ,

দেশৰ তামাম ডাক্তৰবোৰ এতিয়া দিন-হাজিৰা কৰি মৰ।

দুপৰীয়াৰ ভাত -পানী খাই এটা পেৰাচিটামল খালো,

জ্বৰ মহাশয় পলাব বুলি বিছনাতে বাগৰি ৰ’লো।

দুঘন্টাত টোপনি ভাঙিলে অকণো পোৱা নাই ভাল,

এতিয়াহে গম পালোঁ ” পেৰাচিটামল” টো আছিলে চৰকাৰী ফ্ৰী মাল।।

Related Posts

Leave a Comment

error: Content is protected !!