লেখক: বিবেক কাকতি (photographer),গুৱাহাটী বিশ্ববিদ্যালয়
বনৰক্ষীজনে হঠাৎ চিঞৰিছে, “পলোৱা পলোৱা…গঁড়..গঁড়..গঁড়” পিছফালে চাই দেখিলো যে এটা প্ৰকাণ্ড গঁড়ে খেদি আহিছে। একো নাই হৈ তৰা-নৰা ছিঙি মাত্ৰ দৌৰিছো…মাত্ৰ দৌৰিছো।
সেইদিনা আছিল সোমবাৰ, চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ ২৫ তাৰিখ। মই তেতিয়া অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘ সম্বন্ধীয় গবেষণা কৰা দলৰ সৈতে কৰ্মৰত। অৰণ্যৰ ভিতৰত ৰাতিপুৱা ভাগৰ কামখিনি প্ৰায় শেষ কৰি এটা কেম্পত জিৰণি লবলৈ সোমাইছো। সময় তেতিয়া প্ৰায় ১০.৩০ বাজিছে। কিছু সময়ৰ পাছত কেম্পৰে এজনে আহি ক’লে, “কেম্পৰ পাছফালৰ বিলখনৰ পাৰত বাঘে এটা হৰিণা মাৰিছে। হয়টো সি(বাঘটো) তাতেই ক’ৰবাত আঁৰহৈ শুই আছে। গ’লে হয়টো পাই যাব পাৰে।” হঠাৎ মনত আনন্দৰ জোৱাৰ উঠিল। গুৱাহাটীৰ চিৰিয়াখানাত দেখা বাঘকেইটাৰ প্ৰতিচ্ছবি মনলৈ আহিল। মনত অনেক কৌতুহল, বনৰজাক আজিলৈকে বনত দেখাৰ সৌভাগ্যকনো হোৱা নাছিল। মনতে সংকল্প ললো যে আজি তেওঁক লগ পাইহে যাম।
লগে লগে বাঘৰ ফটো তোলাৰ আশাৰে নতুনকৈ কিনা কেমেৰাটো লৈ লগৰে দুজন আৰু এজন বনৰক্ষী লগত লৈ বাঘৰ সন্ধানত ওলালো। প্ৰায় ১ কিলোমিটাৰ মান খচকি যোৱাৰ পাছত বাঘৰ সতেজ খোজ (Pug mark) দেখা পালো। নিশ্চিত হলো যে বাঘটো ওচৰতে ক’ৰবাত লুকাই আছে। খোজ অনুসৰণ কৰি নিঃশব্দে এখোজ দুখোজকৈ আগবাঢ়িলো। যথেষ্টখিনি আগবাঢ়ি যোৱাৰ পাচতো বাঘৰ দেখাদেখি নাই। এনেতে পিছফালে দূৰত ধূলি উৰা দেখা গৈছে। কিন্তু বাঘ দেখাৰ আশাত সেইফালে বিশেষ মন নকৰিলো।
যিটো কোনেও ভাবা নাছিল তেনে এটা ঘটনা ঘটিব লগা আছিল। তেনেতে হঠাতে বনৰক্ষীজনে চিঞৰিছে, “পলোৱা পলোৱা…গঁড়..গঁড়..গঁড়।” পিছফালে চাই দেখিলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ হিংস্ৰ প্ৰাণী, এটা প্ৰকাণ্ড গঁড়ে আমাৰ ফালে চোঁচা লৈছে। কিংকৰ্তব্য বিমূঢ় হৈ কোন দিশে দৌৰিছো ক’বই পৰা নাই। তথাপিও কেমেৰা সাজু ৰাখিছো। কিজানি কোনো মধুৰ দৃশ্য সাঁচি ৰাখিব পাৰোৱেই। তেনেতে কিহত জানো উজুটি খাই পৰি গ’লো। গঁড়টো ওচৰ পালেহিয়েই। ওচৰৰে গছ এজোপা প্ৰত্যক্ষ কৰি দৌৰি গৈ যেনেতেনে উঠি ললো। গছৰ তলেদিয়েই গঁড়টো পাৰ হৈ গ’ল। সি পুনৰ উভতি নাহিল। কোনোমতে প্ৰাণ ৰক্ষা পৰিল। আজিলৈকে বুজি নাপালো যে গঁড়টোৱে আমাক কিয় খেদি আহিছিল! হয়টো পোৱালিৰে সৈতে গঁড়টো এজনী মাক আছিল! আমাক ওচৰত পাই পোৱালিটোৰ প্ৰতি বিপদৰ আশংকাত চাগে তাই আমাক খেদি আহিছিল!
মোৰ জীৱনত ঘটা স্মৰণীয় ঘটনাবোৰৰ এটা পাৰ হৈ গ’ল। কিন্তু তেতিয়াৰ পৰা বন্যপ্ৰাণীবোৰক আৰু বেছি সন্মান কৰিবলৈ ললো। বন্যজীৱন মোৰ আৰু আপোন যেন লগা হ’ল। কিন্তু দূখৰ কথা এই যে মোৰ সেইদিনা আৰু বাঘক লগ পোৱা আৰু ফটো লোৱা নহ’ল(পাছত অৱশ্যে লগ পালো)। দুখ আৰু ভয়ৰ সংমিশ্ৰণত ভাগৰত কাতৰ হৈ আকৌ কেম্পলৈ উভতি আহিলো।