বিখ্যাত অসমীয়া ব্যক্তিত্ব | Famous Personalities of Assam

by admin

কুইজমাষ্টাৰ : গুঞ্জন ডেকা

১. সত্যনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱাৰ সুযোগ্য সন্তান্গৰাকীয়ে ১৯৬৭ চনত কটন মহাবিদ্যলয়ত পৰিচালনা কৰিছিল অসমৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা। ১৯৮৪ চনৰ ২৪ মাৰ্চত অসমৰ প্ৰথমখন টিভি কুইজো তেৱেই পৰিচালনা কৰিছিল। ‘FATHER OF NORTH-EAST QUIZZING’ বুলি পৰিছিত এইগৰাকী পুৰোধা ব্যক্তিৰ নাম কি বাৰু?

উ: গুৱাহাটী কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট অৰ্থনীতিবিদ দিলীপ কুমাৰ বৰুৱা চাৰ।

২. গুৰু দত্ত হল হিন্দী বোলছবিৰ এগৰাকী প্ৰখ্যাত অভিনেতা-পৰিচালক।
কিন্তু অসমীয়া সাহিত্যত গুৰু দত্ত কোন?

উ: গুণাভিৰম বৰুৱা। গুৰু দত্ত তেওঁৰ চদ্মনাম।

৩. অৰ্জুন বটা বিজয়ী প্ৰথম অসমীয়া হ’ল ভোগেশ্বৰ বৰুৱা। ২য় জন অসমীয়া হ’ল এগৰাকী মহিলা। এওঁ আছিল অসমৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা টেবল-টেনিচ খেলুৱৈ। কোন বাৰু এইগৰাকী ক্ৰীড়াবিদ?

উ: মনালিছা বৰুৱা মেহতা।

৪. ১৯১৭ চন। শিৱসাগৰ। পদ্মনাথ গোহাইবৰুৱাৰ সভাপতিত্বত বহিছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন। বাৰু, সেইবছৰ অসম সাহিত্য সভাৰ মুখ্য সম্পাদক কোন আছিল?

উ: শৰত্‍চন্দ্ৰ গোস্বামী।

৫. অসমৰ প্ৰথম কথাছবি ’জয়মতী’। জয়মতী কোঁৱৰী নাটখনৰ আধাৰত ৰুপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত নিৰ্মান কৰিছিল অসমৰ প্ৰথম কথাছবিখন। এই নাটখনৰ নাট্যকাৰজন আকৌ আছিল ১৯২৬ চনত বহা অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি। কোন বাৰু এইগৰাকী স্বনামধন্য সাহিত্যিক?

উ: লহ্মীনাথ বেজবৰুৱা।

৬. এৰাবাটৰ সুৰ কথাছবিখনৰ কথা কওঁ। ‘ভুজলুং কা’ ওলাইছে। বজাই আছে চাৰিণ্ডা(এবিধ বড়ো লোকবাদ্য)। এতিয়া কওকচোন এই ভুজলুং কাৰ চৰিত্ৰত কোনগৰাকী বিখ্যাত অসমীয়াই পৰ্দাত ওলাইছিল?

উ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।

৭. নটসুৰ্য ফণী শৰ্ম্মাৰ ’চিৰাজ’ নাটখনিৰ আধাৰত নিৰ্মিত কথাছবিখনৰ নায়ক অনিলৰ মোমায়েক সুবিমল ফুকনৰ ভুমিকাত অভিনয় কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। নায়ক অনিলৰ ভুমিকাত কোনে অভিনয় কৰিছিল বাৰু?

উ: ভুপেন হাজৰিকা।

 ৮. ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত ’নয়নমণি’ কথাছবিৰ জৰিয়তে অসমীয়া চবিজগতে লাভ কৰিছিল প্ৰথম মহিলা সংগীত পৰিচালিকাগৰাকীক! কোন বাৰু?

উ: সুপ্ৰভা দেৱী।

Related Posts

Leave a Comment

error: Content is protected !!