ভ্ৰাম্যমানৰ পিতামহস্বৰূপ মাননীয় অচ্যুত লহকৰদেৱৰ লগত সাক্ষাত্‍কাৰ

by admin

ভ্ৰাম্যমানৰ পিতামহস্বৰূপ মাননীয় অচ্যুত লহকৰদেৱৰ লগত  মুখ্য সম্পাদক অনন্ত মোহন শৰ্ম্মা  আছুটীয়া সাক্ষাত্‍কাৰ

দিনাংক: ১ অক্টোবৰ, ২০১১

অ.শ:   নমস্কাৰ  শ্ৰীযুত  লহকৰ ডাঙৰীয়া | কাইলৈ ২ অক্টোবৰ ২০১১ চন |  ১৯৬৩ চনৰ ২ অক্টোবৰ তাৰিখে   অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ  “নটৰাজ থিয়েটাৰ”ৰ জন্ম হৈছিল আৰু সেয়া আমাৰ বাবে এক ইতিহাস | আজি ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম হোৱাৰ ৪৯ বছৰ অতিক্ৰম কৰিব | এই মূহুৰ্তত ভ্ৰাম্যমান থিয়েটাৰৰ স্ৰষ্টা হিচাপে আপোনাৰ অনুভৱ জনাবনে ?

অ.ল:   নমস্কাৰ | মোৰ কথা কোৱাৰ শক্তি প্ৰায় হেৰাই গৈছে | অলপ অসুষ্ট হৈ আছোঁ | ম‍ই প্ৰথমে আপোনালৈ মোৰ হিয়াভৰা ওলগ জনাইছো, কাৰণ আপোনলোকে যে ভ্ৰাম্যমানৰ জন্ম তাৰিখটো মনত ৰাখিছে | আমি এনেকুৱা এখন ৰাজ্যত জন্মিছো, যিখন ৰাজ্যত ভ্ৰাম্যমান বুলি এখন সুকীয়া সমাজ আছে | আজি আমাৰ বহুতো ভ্ৰাম্যমান নাট্যদল আছে, শিল্পী আছে, ভদ্ৰলোক আছে | কিন্তু তেওলোকৰ বহুতেই মনত নাৰাখে  যে ২ অক্টোবৰটো তেওঁলোকৰ জন্ম তাৰিখ | কিন্তু তাৰ মাজতে আপুনি আৰু আন কিছুমান মানুহে যে এই ভ্ৰাম্যমানৰ জন্ম তাৰিখটো মনত ৰাখিছে, ই এটা শলাগৰ বিষয় | এটা সচেতন জাতিৰ উদাহৰণ | তাৰ বাবে ম‍ই আপোনাসৱক ধন্যবাদ জনাইছোঁ, দ্বিতীয়তে প্ৰশ্নৰ উত্তৰ দিবলৈ বিচাৰিছো, আজি ২ তাৰিখত ম‍ই কি উপলব্ধি কৰিছো | ম‍ই এই তাৰিখতে, ভাৰতৰ পৃথিৱী বৰেণ্য ব্যক্তি এজনৰ জন্ম তাৰিখটোকে, নিৰ্দ্ধাৰণ কৰিছিলো ভ্ৰাম্যমানৰ জন্ম তাৰিখ হিচাপে | এইটো আছিল মহাত্মা গান্ধীৰ জন্ম তাৰিখ | সেই দিনটোতেই ভ্ৰাম্যমানৰ জন্ম তাৰিখ নিৰ্দ্ধাৰণ কৰি ম‍ই সেইদিনাই আৰম্ভ কৰিছিলো ভ্ৰাম্যমান | সঁচা-সচিকৈ, তামচা-তাম্‍চিকৈ আৰম্ভ কৰাৰ নিছিনাই আছিল কথাবোৰ | ই এটা স্মৰণীয় ঘটনা হৈ ৰ’ল | অসম আজি ভাৰতত বিখ্যাত হ’ল, এটা বিশেষ কাৰণত যে যেতিয়া ভাৰতত অন্যান্য ধৰণৰ নাটক চলি আছে, সেই সময়ত অসমত কিন্তু এক সুকীয়া অস্তিত্বৰে, এক সুকীয়া গৌৰৱেৰে আন এক ধৰণৰ নাটক চলি আছে, সেইটো হ’ল অসমৰ ভ্ৰাম্যমান থিয়েটাৰ | আৰু সেই ভ্ৰাম্যমান থিয়েটাৰে আজি অসমক বিশ্বৰ দৰবাৰত, ভাৰতৰ দৰবাৰত এক সুকীয়া স্থান দিলে | গতিকে সেই ভ্ৰাম্যমানৰে আজিৰ এই জন্ম তাৰিখটোত ম‍ই যিমান আনন্দ পাম, ম‍ই ভাৱো, মোতকৈ বেছি আনন্দ পোৱা মানুহ নোলাব‍ই নেকি !! সেইটো মোৰ বাবে স্মৰণীয় ঘটনা হৈ থাকিল, গৌৰৱৰ ঘটনা হৈ থাকিল, অসমবাসীৰ বাবেও গৌৰৱৰ ঘটনা হৈ থাকিল | সেই সময়ত মোৰ কাষত আহি থিয় দিয়া যিসকল ব্যক্তি আছিল তাৰে বহুকেইজনেই গুছি গ’ল | মোৰ ভাই গ’ল (সদানন্দ লহকৰ),  চন্দ্ৰ চৌধুৰী গ’ল, যোগেশ শৰ্ম্মা গ’ল | বিষ্ণু ৰাভাও আছিল, গজেন বৰুৱাও আছিল, সকলো গুছি গ’ল | সকলোৰে আত্মাৰ এই মূহুৰ্তত ম‍ই শান্তি কামনা কৰিছোঁ | আৰু যিসকলে এতিয়াও ভ্ৰাম্যমানত আছে, তেওঁলোকৰো মই দীৰ্ঘজীৱন কামনা কৰিছো|  ভ্ৰাম্যমান বচাই ৰখাৰ বাবে ভ্ৰাম্যমানৰ সকলো শিল্পী, কৰ্মী, মালিক সকলোৰে দীৰ্ঘজীৱন কামনা কৰিছোঁ |

অ:শ:   আপুনি যদি মঞ্চৰ লগত বা নাটকৰ লগত জড়িত ব্যক্তি নহ’লহেতেন, তেন্তে আপুনি কি হ’লহেতেন ?

অ:ল:   অ, ম‍ই কি হ’লোহেতেন নাজানো | কিন্তু ম‍ইতো আগতে কলিকতাতহে আছিলো | ম‍ই বহুদিন তাত মেগাজিন চলাই আছিলো | ম‍ই তাত গল্প ,কবিতা প্ৰকাশ কৰিছিলো | ম‍ই অনুবাদক আছিলো, ম‍ই লিখক আছিলো, ম‍ই দীপাৱলী নামৰ এখন মেগাজিন উলিয়াইছিলো | আৰু তাতোকৈও ডাঙৰ কথা আছিল কি ম‍ই যেতিয়া কলিকতাত আছিলো আমেৰিকান চৰকাৰৰ কিছুমান কিতাপ ম‍ই অসমীয়াত অনুবাদো কৰিছিলো | যেনে আব্ৰাহাম লিংকন | সেইবিলাকো এটা কাম আছিল |  ভাল লাগিল, সেই বাবে তাতে থাকি গ’লো আৰু |

অ:শ:’   “নটৰাজ থিয়েটাರ್ರ್ರ್ৰ” নামটো সম্পৰ্কে আমাক কিছু কথা কব নেকি ?

অ:ল:   মোৰ ভাই সদা লহকৰে অপেৰা কৰিছিল নহয় ! “নটৰাজ অপেৰা” তাৰ পৰাই এই নামটো “নটৰাজ থিয়েটাರ್ರ್ರ್ৰ” দিয়া হ’ল |

অ.শ:   আপুনি অসমবাসীৰ কাৰণে বা ভাৰতবাসীৰ কাৰণে বা বিশ্ববাসীৰ কাৰণে এটা নতুন নাট্যনীতি বা নাট্যধাৰা প্ৰৱৰ্তন কৰিলে যাক আজি সকলোৱে স্বীকাৰ কৰি লৈছে আৰু আপুনি ইয়াৰ স্ৰষ্টা, সৃষ্টিকৰ্ত্তা | আপোনাক সকলোৱে ভ্ৰাম্যমানৰ জনক বুলি স্বীকাৰ কৰি লৈছে….. কিন্তু নটৰাজৰ কিবা-কিবি বস্তু, স্মৃতিচিহ্ন আপোনাৰ হাতত সংৰক্ষিত হৈ আছে নেকি ?

অ:ল:   একোৱেই নাই | কালৰ গতি তথা কিছুমান প্ৰাকৃতিক ঘটনাৰ বাবে আৰু আগতে এইবিলাক মানে মিউজিয়াম-চিউজিয়াম নাছিল নহয়; এটা নতুন বস্তু পুৰণি হ’ল, পেলাই দিলো | এনেবোৰ বস্তু যে এদিন মিউজিয়ামত থব লাগিব তেনেধৰণৰ চিন্তাধাৰাও নাছিল | মোৰ ঘৰটো আছিল এচবেষ্টজৰ,  তাৰ পিছত এবাৰ শিল-বৰষুণত এচবেষ্টজ ফাটি কিছু বস্তু ষ্টক আছিল, বৰষুণতে বেয়া হৈ গ’ল | তেনেকুৱাকৈ সংৰক্ষিত নহ’ল আৰু | সেইটো মোৰ ডাঙৰ দোষ |

অ:শ:   এইটো বুজিলো, যে আপুনি অতীতৰ কোনো স্মৃতিচিহ্ন সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলে কিন্তু আপোনাৰ সময়ত যিবিলাক নাটক মঞ্চস্থ কৰা হৈছিল, সেইবিলাকৰ কপিবোৰ কৰবাত সংৰক্ষিত হৈ আছে নেকি ?

অ:ল:   সেই বস্তুবোৰৰ লগতে কেইখনমান নাটক একেলগে আছিলে, বৰষুণতে তিতি পচি গ’ল | কৰবাত দুই-এখন থাকিব পাৰে অৱশ্যে|

অ:শ:  অসমীয়া নাট্য-সাহিত্য আৰু ভ্ৰাম্যমান থিয়েটাৰ – এই সম্পৰ্কে অলপ কথা কব নেকি?

অ:ল:   মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰাটোৱেই নাটকৰ উদ্দেশ্য | নাটকো এটা  সাহিত্যৰ অংগ | ইয়াৰ এক ৰুচিসন্মত দৰ্শক আছে | ভ্ৰাম্যমান থিয়েটাৰৰ নাটকেও অসমীয়া নাট্য-সাহিত্য সমৃদ্ধ কৰিছে |

অ:শ:   আপুনি মঞ্চক লৈ যিমান পৰীক্ষা-নীৰীক্ষা কৰিছে, অইনে কৰিছে বুলি আপুনি ভাৱেনে ?

অ:ল:   নাজানো | কিন্তু  মই যেতিয়া ভ্ৰাম্যমান থিয়েটাৰ কৰিছিলো তেতিয়া বিভিন্ন কমিটিৰ মানুহে মোক নাটক নিবেদন  কৰিবলৈ আমন্ত্ৰণ কৰিছিল প্ৰতি বছৰে মঞ্চক লৈ কৰা পৰীক্ষা-নীৰীক্ষাৰ বাবেহে |

অ:শ:   আপুনি মোৰ স’তে হোৱা এটি সাক্ষাত্‍কাৰত এবাৰ কৈছিল যে এদিন  মই য’ত গৈছিলো তাতে চহৰ হৈছিল | এতিয়া ?

অ:ল:   হয় , এদিন মই য’ত গৈছিলো তাতে চহৰ হৈছিল | ইয়াৰ অৰ্থ এইটোৱে যে মানুহে মোক বেৰি বেৰি ধৰিছিল | মই কি কৰিছোঁ , কি ভাবিছোঁ তাৰ খবৰ ৰাখিছিল | সন্ধিয়াৰ পৰা মোৰ ব্যস্ততা বাঢ়িছিল | আজি মই নিসংগ..অকলশৰীয়া | হ’লেও মোৰ দুখ নাই..মাজে মাজে মানুহ আহে, মোৰ খবৰ লয়, ভাল  লাগে |

to be continued…

Related Posts

Leave a Comment

error: Content is protected !!