লেখক: চন্দন বৰা, গুৱাহাটী বিশ্ববিদ্যালয়
অসমীয়া ছবি আজিকালি চিত্ৰগৃহলৈ অহাটোৱে এক ডাঙৰ সমস্যা হৈ পৰিছে। চিত্ৰগৃহ সমূহে ভয় কৰে অসমীয়া ছবিৰ ব্যৱসায় কৰিবলৈ। নানানটা সমস্যাৰে ভাৰাক্ৰান্ত অসমীয়া ছবিজগতক কোনে সহায় কৰিব, সকলো সমস্যা মষিমূৰ কৰি এক নতুন ৰূপত আগবাঢ়ি আহিবলৈ সিও এতিয়া এক সন্দেহজনক প্ৰশ্ন। যাৰ কোনো উত্তৰ নাই, না চৰকাৰ, না বিত্তীয় নিগম নিকায় সমূহ বা অসমৰ ডাঙৰ পুঁজিপতিক গোষ্ঠী সমূহৰ বা অসমক ভাল পোৱা বৃহত্তৰ অসমীয়া সমাজখনৰ। এইকাৰণতে বহুতো অসমীয়া ছবি হয়তো কলিতেই মৰহি গৈছে। এজন অভিনেতা হোৱাৰ সপোনেৰে কলাৰ সৈতে জীৱন আৰম্ভ কৰা বহুতো শিল্পী তথা কলা কুশলী তাৰোপৰি অসমৰ নৱপ্ৰজন্ম তথা সমাজত মূৰ ডাঙি জীয়াই থাকিব খোজাজন। তাৰোপৰি সময়ে মোহাৰি পেলাইছে সেইসকলক যি অসমীয়া ছবি লৈয়ে জীয়াই আছে এজন চিনেমাৰ প্ৰযোজকৰ পৰা চিনেমা হলটোৰ পৰিচাৰিকা (ছুইপাৰটোলৈকে)। এইয়া আজিৰ যুগৰ এক ডাঙৰ তথা এক ভয়ানক প্ৰশ্ন অসমীয়া ছবি জগতলৈ। কোনে দিব তাৰ উত্তৰ। এজন লেখক বা চিন্তাবিদ হিচাপে বহুজনে নানা কথা ক’ব কিন্তু কোন ওলাই আহিব ইয়াৰ সমিধান বিচাৰি প্ৰকৃত উত্তৰ দিবলৈ। এনেদৰে চলি থাকিলে হয়তো আমি আজলি নবৌ বা বোৱাৰীৰ স্মৃতি ৰোমন্থন কৰি তাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ জীৱনটোও নাটকৰ দৰে অভিনয় কৰি থাকিব লাগিব।
এইখিনিতে ক’ব মন যায় আমাৰ বাৰু ক’ত কেৰোণ আছিল আমাৰ ; জ্যোতিপ্ৰসাদ আগৰৱালাই একো নোহোৱাকৈয়েতো ঠিকেই আৰম্ভ কৰিছিল। এক বৃহৎ শূণ্যৰ পৰা আৰম্ভ কৰা অসমীয়া ছবিজগতক জ্যোতিপ্ৰসাদৰ “জয়মতী”য়ে শুভাৰম্ভণি ঠিকেই কৰিছিল। প্ৰথমেশ বৰুৱাৰ পৰা আৰম্ভ কৰি জাহ্নু বৰুৱা, মুনীন বৰুৱালৈকে সকলোৱে ঠিকেই কৰিছিল কিন্তু ক’ত কেৰুণটো থাকি গ’ল যাৰ বাবে আজি অসমীয়া ছবিৰ এনে দুৰৱস্থাই দেখা দিছে। আমাৰ সৈতে প্ৰায় সমসাময়িক ভাৱে আৰম্ভ কৰা অন্য ভাষাৰ ছবি এতিয়াও দৰ্শকে আদৰি লৈছে। যি সময়ত তামিল তেলুগু, কণ্নড়, মালায়লী ছবিৰ দৰ্শকে ছবিঘৰ ঠাহ খাই ধৰিছে, যি ঠাইৰ বাতৰি কাকতে আজিও নিজৰ ভাষাৰ ছবিৰ বিষয়ে আলোচনা সমালোচনা কৰিব লগা হোৱা নাই। এতিয়াও প্ৰায়বোৰ প্ৰযোজকে চিনেমা কৰি লাভৰ মুখ দেখি আহিছে। লঘূ কাহিনীৰ চিনেমা বনাইও হয়তো বহুতো ছবিয়ে ছবিঘৰলৈ দৰ্শকৰ সোঁত বোৱাব পাৰিছে। যিটো সঁচা অৰ্থত বহুতো শিল্পী বা কলা কুশলীৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। সেই ছবিবোৰৰ প্ৰভাৱ ইমানেই বেছি যে আজি অসমত থাকি অসমীয়াৰ কম্পিউটাৰ, তথা চি.ডি তো সেই ভাষাৰ ছবিয়ে স্থান লাভ কৰিছে। আজি অসমীয়া ল’ৰা- ছোৱালীয়ে তামিল ছবিৰ নাম ক’ব পাৰে কিন্তু অসমীয়া ছবি হয়তো কেতিয়াও দেখিও পোৱা নাই বা নামো নাজানে বা জানিবলৈ অপাৰগ। ইয়াৰ কাৰণ কি হ’ব পাৰে। হয়তো পৰিৱৰ্ত্তন। পৰিৱৰ্ত্তনৰ প্ৰভাৱ সকলোতে পোৱা যায়। অন্য ভাষাৰ ছবিয়ে পৰিৱৰ্ত্তন আঁকোৱালি লৈছে আৰু দৰ্শকৰ মনোভাৱো সলনি হৈছে। দৰ্শকৰ মনোভাৱ সলনিয়ে সেই ছবিখনৰ ব্যৱসায়িক পৰিসমাপ্তিত বিশেষভাৱে অৰিহনা যোগায়। আজিকালি দৰ্শক ইমানো অজ্ঞ নহয় যে চিনেমাই মূৰ্খ বনাব খুজিলেই মূৰ্খ হৈ যাব। দৰ্শকে আজিকালি সকলো দিশ চাইহে গ্ৰহণ কৰে। হয়তো সময় সাপেক্ষে পৰিৱৰ্ত্তনক দৰ্শকে উপযুক্ত বুলি ভাৱিছে সেইবাবে আঁকোৱালি লৈছে। যিদৰে হিন্দী ছবিৰ দৰ্শকে অত্যন্ত লঘূ কাহিনীৰ বেয়া চিনেমা এখনৰো পৰিৱৰ্ত্তনৰ দিশ সমূহ আঁকোৱালি লয়। সেইবাবে মোৰ বোধেৰে অসমীয়া ছবিজগতে পৰিৱৰ্ত্তনক আঁকোৱালি ল’ব পাৰিব লাগিব। আমি ভাবিব লাগিব নতুনৰ কথা ন’হলে হয়তো এনেদিন আহিব উঠি অহা প্ৰজন্মই ভি.চি.ডি কে অসমীয়া ছবি বুলি আঁকোৱালি ল’ব যিটোৰ বাবে আমি অসমীয়াই নাক কটাৰ বাদে আৰু একোকে নাথাকিব।
মাৰাঠী বা বঙালী ছবিয়ে এক বেলেগ পৰ্যায়লৈ উৰ্ত্তীণ হৈছে। প্ৰতিবছৰে সেই ভাষাৰ ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ কেইবাটাও আজুৰি আনিব সক্ষম হয়( শ্ৰেষ্ঠ চলচ্চিত্ৰকে আদি কৰি) কিন্তু আমাৰ অসমীয়া ছবিয়ে ৰজত কমল বঁটাকে পাইয়ে আছে লাগিলে এখনেই ছবি হঁওক বা দহখনেই হঁওক। ই আমাৰ বাবে অতি পৰিতাপৰ কথা। আমি সদায় দ্বয়িত্ব সামৰি আছো হ’ব ৰজত কমল পাইছে নহয়। আমাৰ ছবি সমূহৰ মাজত প্ৰতিযোগিতা চলে ৰজত কমল বঁটাক লৈ কিন্তু আমাৰ কেইজন প্ৰযোজক পৰিচালকে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে দেহেকেহে কষ্ট কৰিছে। আৰু এটা কথা মোৰ মনত ধৰিছে। বহুত ক্ষেত্ৰত আমিঅসমীয়া সমাজ বেপাৰ বাণিজ্যত দুৰ্বল। নোহোৱাও নহয়। বহুতো উদাহৰণ আছে যাৰ বৰ্ণনা দি শেষ ন’হব। কিন্তু এইটো সঁচা যে আমি ছবিক লৈ বেপাৰ কৰাত অসফল। আমি এতিয়াও ছবিক বেপাৰৰ দৃষ্টিৰে ছাব পৰা শক্তি আহৰণ কৰিব পৰা নাই যিটো আজি অন্য ভাষাৰ ছবিয়ে পাৰিছে। বেপাৰ কৰিবলৈ আমি দ্ৰব্য আৰু গুণ দুয়োটাতে গুৰুত্ব দিব লাগিব। কিন্তু আমি এতিয়া এনে কৰিছো যদি আমি দ্ৰব্যত গুৰুত্ব দিও আমি গুণক হেৰুৱাইছো বা একেই বিপৰীত ঘটনাটো ঘটি আছে। যিটোৰ বাবে আমাৰ ছবিজগতত এতিয়া মাৰ্কেটিং তথা প্ৰ’ম’চন আদি বিষয় সমূহত বিশেষ গুৰুত্ব দিব লগা পৰিস্থিতি আহি পৰিছে। অতীতক আমি পাহৰি নাযাঁও কিন্তু আমি অতীতৰ গুণাগুণক আকৌ দৰ্শকলৈ আগুৱাই লৈ যাব পাৰিব লাগিব পৰিৱৰ্ত্তনৰ মাজেৰে।
অলপতে কেইবাখনো অসমীয়া ছবিদেখাৰ সৌভাগ্য ঘটিছিল কিন্তু পৰিতাপৰ কথা যে এখনো ছবিয়ে মোৰ কি কোনো দৰ্শকৰ মনজয় কৰিব সক্ষম ন’হল। দুখনমান ছবিটো এনে আছিল যে সেই পৰিচালকৰ আৰু দ্বিতীয়খন ছবি চাবলৈ নোযোৱাটো মনতে থিৰাং কৰিব লগীয়া হৈছে। বিশ্বাস যে তেঁওৰ পৰিচালনা তথা নিৰ্দেশনা উন্নত নকৰালৈকে তেঁওৰ ছবি আমি চাব নোৱাৰিম। তাৰোপৰি এখনেতো সকলো সীমাই চেৰাই দিলে বলীউদ কাণ্ড কৰি। দক্ষিণৰ এখন হিট ছবিক কপি কৰি। তাৰোপৰি কেইবাজনো প্ৰতিষ্ঠিত অসমীয়া ছবিজগতৰ পৰিচালকৰ ছবিয়ো বৰ এটা ভাল হোৱা নাই। কেতিয়াবা এনে লাগে যে তেঁওলোকে হয়্তো দৰ্শকৰ ৰুচি বা মনোভাৱ বুজিয়ে পোৱা নাই। আজি যদি এখনৰ কাহিনীত শক্তি নাই নতুবা কোনো এখনৰ উপস্থাপনত ভুল হৈছে যিটো ভুল দৰ্শকৰ আগত জল জল পট পট। বহুদিনৰ আগতে এটা ভাৱ হৈছিল অসমীয়া ছবিৰ কাহিনী সদায় মজবুত, এক অৰ্থপূৰ্ণ মেছেজভৰা। কিন্তু আজিকালি সেই কাহিনীও বৰ লঘু হ’ব ল’লে। ভাবিলে বেয়া লাগে আজি কিছুদিন আগলৈকে আমি অসমীয়া চিনেমাৰ কাহিনীক লৈ গৌৰৱ কৰিব পাৰো কিন্তু আজিকালিৰ লঘূ কাহিনীবোৰে সেই গৌৰৱ ধূলি কৰি দিছে। সেয়েহে আমি সজাগ হ’বৰ হ’ল। পৰিৱৰ্ত্তনৰ সৈতে খাপ খোৱা এক মন পৰশা কাহিনিৰে উপযুক্ত উপস্থাপনেৰে এখন মননশীল অসমীয়া ছবি উপহাৰ পাবলৈ আৰু কিমান পৰ?