অসমীয়া নিচুকনি গীত সমূহ:

by admin

সংগ্ৰহ: সুস্মিতা বৰা

টোকা : অসমীয়া লোকসাহিত্য ভঁৰালৰ মানিকী মধুৰী জহাৰ দৰে আমোলমোলাই থকা সুৱাসিত সাহিত্যৰ এটি শাখা নিচুকনি গীত সমূহ | শিশুৰ সঙ্গীতৰ প্ৰতি থকা টান আৰু সুৰে সৃষ্টি কৰা মায়াময়তাই শিশুৰ মনত সন্মোহনী শক্তিৰ দৰে কাম কৰে |নিচুকনি গীতৰ মাজেৰে এগৰাকী মাতৃৰ সপোন , উজ্জ্বল আশা , বিশ্বাস-অবিশ্বাসৰ অভিব্যক্তিৰ ইংগিত পোৱা যায় |আমাৰ দ্বাৰা কেইটামান নিচুকনি গীত সংগ্ৰহ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে |

(কোনো সদাশয় ব্যক্তিৰ হাতত উক্ত নিচুকনি গীতটিৰ শেষাংশ থাকিলে জনাবলৈ অনুৰোধ জনোৱা হ’ল )

নাওঁ হেঙুলীয়া বঠা হেঙুলীয়া

আৰু হেঙুলীয়া চৈ এ |

চৈ ৰে তলতে জোনবাই গইছে

হাততে বিচনী লৈ এ ||

আগেয়ে খুজিলোঁ ফুলৰে বিচনী

এতিয়া তুলাইছা দৈ এ |

কেলেই লাগিছে ফুলৰে বিচনী

গ’ল মহে জহে বৈ এ ||

লাই হালে জালে আবেলি ব্তাহে

লফা হালে জালে পাতে |

আমাৰে মইনাই হালিছে জালিছে

কালি আবেলিৰে ভাতে ||

হাতীয়ে খোজ কাঢ়ে লোদোৰে পোদোৰে

ঘোঁৰাই খোজকাঢ়ে লৰি |

শিলৰে আলিতে কোনে খোজ কাঢ়ে

তিয়ঁহৰ জালি যেন ভৰি ||

জোন বায়ে এ বেজি এটি দিয়া

বেজি নো কেলেই মোনা সী-বলৈ

মোনানো কেলেই ধন ভৰাবলৈ

ধননো কেলেই হাতী কিনিবলৈ

হাতীনো কেলেই উঠি ফুৰিবলৈ

হাতীত উঠি পানীৰাম ঘৰলৈ যায়

আলিবাটৰ মানুহবোৰে ঘুৰি ঘুৰি চায় |

মোৰ বোপাই লাহৰী নেপাইছোঁ আহৰি

বৰা জুৰিছোঁ আহু |

সেই বৰা বানি পিঠাগুড়ি সানি

বোপাইলৈ লৈ যাম লাৰু ||

মোৰ বোপাই সৰু ৰাখে বৰে গৰু

এচাৰি হেৰুৱাই কান্দে |

লোকৰ ধানে খাব কোবাই কিলাব

লৰুৱাই আনিব গৰু ||

বাপুকণ ধুনীয়া পিন্ধে পাতৰ চুৰীয়া

মূৰত হেঙুলীয়া ছাতি |

বাটৰ বাটৰুৱাই ৰৈ ৰৈ সুধিছে

কোন বিষয়াৰ নাতি ||

বৰ চৰাৰ মূৰতে বকুল ফুল ফুলিছে

নিতৌ তিনিপাহি সৰে |

মইনাৰ মুখলৈ চাবকে নোৱাৰি

হীৰা কি মুকুতা জ্বলে ||

লাউ কলি কলি

জিকা কলি কলি

মইনাই ভাত খালে বৰপীৰাত বহি

মইনাই ভাত খালে ককায়েকে চক ৷

মাহীয়তী পেহীয়তী ঠেং তলে যক ৷

বুঢ়ীআই এ কৰাই ভাজি দিয়া খাওঁ

ইকৰা পাতেৰে নাও সাজি দিয়া

বঙাল মাৰিবলৈ যাওঁ

বঙালো মাৰিলা ভালকে কৰিলা

আমালৈ আনিছা কি ?

তোমালৈ আনিছোঁ পৰলা ঘোঁৰা টো

সোণৰে শিকলি দি ৷

ই বোলে কাণখোৱা, সি বোলে কাণখোৱা

কাণখোৱাই কি কাম কৰে

হাতত দা-যাঠি,

কাল্ধত ৰঙা ছাতি

ল’ৰাৰ কাণ খাই ফুৰে ৷

আমাৰ আইটি নিচেই কুমলীয়া

নিচেই কলাপাতৰ থুৰি ৷

পিন্ধিব নাজানে কঁকালৰ কাছুটি

বান্ধিব নাজানে চুলি ৷৷

বেৰতে বগালে জয়ন্তী পৰুৱা

বগাই চোম গছত মুগা ৷

আমাৰে মইনা ৰণলৈ ওলাইছে

সজাই এ পৰলা ঘোঁৰা ৷৷

এফালে বান্ধিছে চেঁউৰী কাজলী

এফালে বান্ধিছে হাতী ;

হাতীৰে ওপৰত কোনে কাহঁ কোবায়

ভৰালী বৰুৱাৰ নাতি ৷

ভৰালী বৰুৱাৰ ছজনী তিৰোতা

তাৰে সৰু জনী কাজী ;

কাজীৰে জীয়েকক আনিব খুজিলো

মাটিৰে মৃদংগ সাজি ৷

মাটিৰে মৃদংগ ঘিটিঙাই বাজিলে

গড়গাওঁ দেশলৈ শুনি ;

গড়গাওঁ দেশতে কোৱঁৰ বহি আছিল

পাট কটা দাড়ঁ যেন দেখি ৷

জোনবাইৰ আগৰে একোটি তৰা

আয়ে বিয়া দিলে গঁঠীয়া দৰা

হেৰ’ তই গঁঠীয়া নেপাৰ গালি

আইৰ ঘৰলৈ যাম ভৰি পখালি ৷

আয়ে বুলিব মোৰ জী আহিছে

বৰা ভাত এগালি ৰান্ধো ৷

বোপায়ে বুলিব মোৰ জী আহিছে

গঁৰালৰ হাঁহিনী মাৰোঁ ৷৷

ককায়ে বুলিব মোৰ ভনী আহিছে

ভাল তামোল এথোকি পাৰোঁ ৷

বৌয়ে বুলিব মোৰ ননদ আহিছে

মূৰতে তলীয়া ফালো ৷৷

বোপাইলৈ আনিছোঁ শালৰ বৰ কাপোৰ

আইলৈ আনিছোঁ খাৰ ৷

ককাইলৈ আনিছোঁ পাটৰ টঙালী

বৌলৈ বাঢ়নী টাৰ ৷৷

আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ

বাৰীৰে বগৰী পকি সৰি যাব

আমাৰে মইনাই বুটলি খাব ৷

শিয়ালী এ নাহিবি ৰাতি

তোৰে কাণ কাটি লগামে বাতি

শিয়ালীৰ মুৰতে মৰুৱা ফুল

শিয়ালী পালেগৈ ৰতনপুৰ ৷

আইটি শুবলৈ পাটী পাৰি দিয়া

শিমলু তুলাৰে তুলি

চকু তিৰেবিৰে কৰিছে আইদেউৰ

হ’লহি শয়নৰ বেলি ৷

এটি তৰা দুটি তৰা

সৰগত বহি কি কৰা

আম জাম লেটেকু টোক

বহি আছে ভাটুক টোক ৷

টোপনি টোপনি অ’ আই টোপনি

টোপনিৰ কলৰ তলত হয়

আনৰে চকুতে টোপনি নধৰি

মইনাৰ চকুতে ধৰ

আমাৰে মইনাই শুব এ

সোণালী ধাননি দাব এ

ন-চাউলৰে চিৰা ভাজি দিম

বাতি ধৰি ধৰি খাব এ

অ’ কুমলীয়া খাবলৈ বঢ়িয়া

কটাৰীৰ আগৰে লোণে এ ,

বাপা কুমলীয়া অতিকে ধুনীয়া

গাতে জিলিকে সোণে এ ৷৷

ই বোলে পোনাকণ সি বোলে পোনাকণ

পোনাকণ কলৈকে গ’ল হে ,

পোনাকণ আছেগৈ ককাকৰ বঙলাত

ঘিলা খেলিব পাই হে ৷৷

উৰে দৰিকী ঘূৰে দৰিকী

ৰাঙলী দৰিকীৰ বিয়া ,

ৰাঙলী দৰিকীৰ বিয়ালৈ মাতিছে

পচলা খৰিকাত দিয়া ৷

চৈ চৈ এ চিচৈ পোৱালি

লোণে মাছে ভাত খায় কি কৈ খীনালি

চৈ চৈ এ চিচৈ পোৱালি

বাঢ়ৈটোকাই লৈ যায় টিকা জোকাৰি

লাই শাক লাহৰি ঘিলা গ’ল পাহৰি

কিহেৰে উমলি থাকে

আইৰে ঘৰৰে ঘিলা ধাৰে কৰি

তাৰেই উমলি থাকে ৷৷

খালে কি নাখালে কেঁচা পিঠা গুড়ি

দিলে কি নিদিলে বাই

ধুমুৰ ধুমুৰ কৰি খুন্দো পিঠাগুড়ি

পৰুৱা পিপৰাই খায় ৷৷

পিৰালিৰ পঁইতাত সৰিয়হ পৰিলে

পাৰই বুটলি খায়

আমাৰ ভাইটিয়ে বুটলি ফুৰোঁতে

পিছলি পৰিব যায় ৷৷

জপনা খিৰিকী ভন্টি টিলিকি

নাপায় ভাইটিয়ে ঢুকি ৷

যেনে তেনে কৰি ঢুকি পাই ভাইটিয়ে

পাখৰি কুকুৰত উঠি ৷৷

বৰ ঘৰৰ মুধৰে ভৰুণ তামোল থুকি

খপৰাই কাটিব পাৰো

আমাৰ বোপালৈ আজি দুপৰ ৰাতি

ছোৱালী আনিব পাৰো ৷৷

নাখাও নাখাও বুলি খালি যে ৰৌমাছ

বাৰীৰ মৰলীয়া তুলি

নলওঁ নলওঁ বুলি ল’লি দহে টকা

ধৰুৱাই ধৰিছে বুলি ৷৷

চোতালত সোমাবা মৰণা মাৰিবা

খেৰ জোকাৰিব লাগে

খেৰ জোকাৰিবা ঘুগুলা চালিবা

তেহে যদি কেচুৱা শোৱে ৷৷

মৰিয়া হাতৰে লাৰু

আমাৰে ভণ্টি নাচিব ধৰিছে

হাতত নাইকিয়া খাৰু

মাৰ নিচিনা নহ’লি তই

বাপেৰৰ নিচিনা নহ’লি তই

বাৰীতে আছিলে ভেকুলী বেং

তাৰে নিচিনা লেপেটা ঠেং

নেকান্দিবি মইনা এ

পাবি পাবি পাবি

বাপেৰে গৈছে কল ৰুবলৈ

ঠোক মেলিলেই খাবি

(ক্ৰমশঃ)

Related Posts

Leave a Comment

error: Content is protected !!