কবি: ইমৰাণ হুছেইন আল আমিন

সৌ শৃংগটো দেখিছ ?

তাত তোৰ দেউতাৰাই মৌদাম সাজিছে ।

তেতিয়া তোৰ ডালিম গুটীয়া দাতবোৰ গজিছিল মাত্ৰ ।

দেউতাৰাই মোক কি কৈ গৈছিল জানো!

মাটিডৰাত জেওৰা দিবি

আজি তই বৰটো হলি ,

সেয়ে জেওৰাবোৰ তই উঠাই দিছ।

ইয়াত ছাগলী নুপুহিবি ,

বাও ধান খাবলৈ হালধীয়া চৰাই নাহিব,

পাৰিলে ইয়াত এটা পুখুৰীকে খান্দ।

তই কিয় পাহৰি গলি ;

মৈদামৰ পৰাই দেউতাৰাই তোলৈকে চাই আছে

মোৰ পোনাকণ এতিয়া বৰটো হ’ল ।

Related Posts

Leave a Comment

error: Content is protected !!