বৰ্ণ বিন্যাস :

by admin

লক্ষীমাই দত্ত
সহকাৰী অধ্যাপিকা
ধেমাজি চিটি মহাবিদ্যালয়, ধেমাজি

অসমীয়া ভাষাৰ বৰ্ণ বিন্যাস বুলিলে সাধাৰণতে বানান বা বৰ্ণশুদ্ধিকে বুজা যায়। এই বৰ্ণ বিন্যাস হৈছে ব্যঞ্জন বৰ্ণৰ লগত হোৱা স্বৰবৰ্ণৰ সংযোগ। যেনে-

ক্‌ + ই = কি

ম্‌ + আ = মা

ন্‌ + ঋ = নৃ ইত্যাদি।

প্ৰত্যেক শব্দতে এটাতকৈ অধিক বৰ্ণৰ সংযোগ থাকে। সেই বৰ্ণবিলাক বেলেগকৈ দেখুওৱাকে বৰ্ণ বিন্যাস বুলি কোৱা হয়। সাধাৰণতে প্ৰতিটো বস্তু বা কথাৰেই কিছুমান সৰ্বজন স্বীকৃত নিয়ম বা আৰ্হি আছে। ঠিক তেনেদৰে ভাষাৰ ক্ষেত্ৰতো কিছুমান নিৰ্দিষ্ট নিয়ম আছে। বৰ্ণ বিন্যাসৰ ক্ষেত্ৰতো সেই কথা প্ৰযোজ্য। উদাহৰণস্বৰূপে, ‘জীৱন’ শব্দটো জিৱন, যিৱন, যীৱন আদি ৰূপত লিখিব পৰা যায় যদিও ‘জীৱন’ শব্দহে সৰ্বজন স্বীকৃত শুদ্ধ শব্দ।

বৰ্ণবিন্যাসৰক্ষেত্ৰতমানিচলিবলগীয়াকেইটামাননিয়মঃ

১/ তৎসম শব্দ (সংস্কৃত শব্দ) প্ৰয়োগৰ ক্ষেত্ৰত উচ্চাৰণ সালসলনি ঘটিলেও সিহঁতৰ বানানৰ পৰিৱৰ্তন নহয়। কাৰণ সংস্কৃত শব্দবোৰৰ বৰ্ণ বিন্যাস সংস্কৃত ৰূপত নাৰাখিলে অৰ্থৰ পৰিৱৰ্তন ঘটিব। সেয়েহে, সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষাত সোমাই পৰা শব্দবোৰৰ বানান সংস্কৃত ৰূপতে থাকিব। যেনে-

নীৰ  (পানী)

নীড় (চৰাইৰ বাহ)

অসমীয়া ভাষাত এই দুয়োটা শব্দৰে উচ্চাৰণ একে যদিও বৰ্ণবিন্যাস বেলেগ হোৱাৰ বাবে তাৰ অৰ্থও বেলেগ হৈছে।

২/ কিছুমান সংস্কৃত শব্দ অসমীয়া ভাষালৈ আহোঁতে সামান্য পৰিৱৰ্তন ঘটি অসমীয়া ভাষাৰ ঠাঁচত উচ্চাৰিত হয় আৰু তাৰ বৰ্ণ বিন্যাসো সামান্য সলনি হয়। এনেবোৰ শব্দক অৰ্দ্ধতৎসম শব্দ বোলা হয়। যেনে-

সংস্কৃত   —–     অসমীয়া

ভক্তি     —–     ভকতি

পূৰ্ণ      —–     পূৰণ

ৰত্ন      —–     ৰতন ইত্যাদি।

৩/ কিছুমান সংস্কৃত শব্দ অসমীয়া ভাষালৈ আহি পৰিৱৰ্তন ঘটিছে। তেনেবোৰ শব্দ অসমীয়া ভাষাৰ উচ্চাৰণ অনুসৰি লিখা হয়। এই শব্দবোৰক তদ্ভৱ শব্দ বোলা হয়। যেনেঃ-
স্নেহ > চেনেহ
স্বৰ্ণ > সোণ
হস্ত > হাত
কৰ্ণ > কাণ ইত্যাদি।

৪/ দেশী আৰু বিদেশী ভাষাৰ শব্দবোৰৰ বৰ্ণ বিন্যাস সাধাৰণতে প্ৰচলিত ৰীতি অনুযায়ী লিখা হয়। যেনেঃ- চেৰেকী, সিয়নি, গিলাচ, চাহাব ইত্যাদি।

৫/ অসমীয়া ভাষাত কিছুমান শব্দৰ বৰ্ণ বিন্যাস দুই ধৰণে কৰা হয় আৰু প্ৰত্যেকৰে বানান শুদ্ধ বুলি স্বীকৃত হৈ আহিছে। যেনেঃ-     এন্ধাৰ-আন্ধাৰ
এটাইবোৰ-আটাইবোৰ
নেলাগে-নালাগে
নেপাহৰিবা-নাপাহৰিবা
এলাগী-অলাগী ইত্যাদি।

৬/ ‘ষ’ ধ্বনিৰ লগত ঋ বা ব্যঞ্জন বৰ্ণ যুক্ত গ’লে ৰ ৰেফ্‌ (্) চিহ্ন হৈ পিছৰ বৰ্ণৰ ওপৰত বহে। যেনেঃ- হৰ্ষ, বৰ্ষ আদি।

৭/ ‘ৰ’ ধ্বনিৰ লগত ব্যঞ্জন বৰ্ণ যুক্ত হ’লে ৰ ৰেফ্ (্) চিহ্ন হৈ পিছৰ বৰ্ণৰ ওপৰত বহে। যেনেঃ- কৰ্ণ, বৰ্ণ, দুৰ্বা, জাৰ্মান ইত্যাদি।

৮/ অসমীয়া ভাষাত শব্দৰ শেষত ব্যঞ্জনৰ ‘অ’ ধ্বনি প্ৰায়ে উচ্চাৰিত নহয়। যেনেঃ- মানুহ, ধন, সোণ, পুৰুষ ইত্যাদি।
কিন্তু যিবোৰ ব্যঞ্জনান্ত ধ্বনি স্পষ্টকৈ দেখুওৱাৰ প্ৰয়োজন তেনে ক্ষেত্ৰত ব্যঞ্জন বৰ্ণৰ তলত হসন্ত চিহ্নৰ ব্যৱহাৰ কৰা হয়। যেনেঃ- হিৰ্–হিৰ্, গিৰ্-গিৰ্, খট্-খটি, ফট্কা ইত্যাদি।

৯/ চন্দ্ৰবিন্দুৰ ব্যৱহাৰেও অসমীয়া ভাষাত শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটায়। যেনেঃ- গাঁও-গাওঁ।

১০/ উৰ্দ্ধক’মাৰ প্ৰয়োগেও অসমীয়া ভাষাত শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটায়।
যেনেঃ-         ক’ৰ – কৰ
ম’হ – মহ
গ’ল – গল
ৰ’দ – ৰদ ইত্যাদি।

(ক্ৰমশঃ)

Related Posts

Leave a Comment

error: Content is protected !!