লক্ষীমাই দত্ত
সহকাৰী অধ্যাপিকা
ধেমাজি চিটি মহাবিদ্যালয়, ধেমাজি
অসমীয়া ভাষাৰ বৰ্ণবিলাকৰ উচ্চাৰণত ভিন্নতা দেখা যায়। উদাহৰণস্বৰূপে-
১। অসমীয়া ভাষাত অ আৰু এ দুই ধৰণে উচ্চাৰিত হয়। এক প্ৰকাৰে কণ্ঠৰ পৰা আৰু আন প্ৰকাৰে মূৰৰ পৰা। যেনে:-
অ- কণ্ঠৰ পৰা- অলপ, অকামিলা, অকলৈ।
অ- মূৰৰ পৰা- অগুণ, অতি, অতীজত, অচিনাকী।
এ- কণ্ঠৰ পৰা- এটা, এক, এঙ্গাৰ, এওঁ।
এ- মূৰৰ পৰা- এটি, এই, এতিয়া।
২। অসমীয়া ভাষাত শব্দৰ শেষত থকা ব্যঞ্জনবৰ্ণৰ অ-কাৰ উচ্চাৰিত নহয়। যেনে:- মানুহ্, জান্, ঘৰ্, আম্, নাৰিকল্ ইত্যাদি। অৱশ্যে শব্দৰ শেষ বৰ্ণৰ উচ্চাৰণ কৰোঁতে অ উচ্চাৰণ নকৰিলেও হসন্ত চিন দিয়া নহয়, তাক উচ্চাৰণ অনুসৰিয়েই জনিব পাৰি।
৩। কিছুমান শব্দৰ শেষত ব্যঞ্জনৰ অ-কাৰ উচ্চাৰিত হয়। যেনে:- কাছ, গাধ, নাৰ, পাৰ, নৱ, পাভ, এঘাৰ, বাৰ, তেৰ, চৈধ্য, পোন্ধৰ ইত্যাদি।
৪। শব্দৰ শেষত যুক্তাক্ষৰ থাকিলে ব্যঞ্জনৰ অ-কাৰ উচ্চাৰিত হয়। যেনে:- কৃষ্ণ, দুষ্ট, বন্ধ, দত্ত, যত্ন, ৰত্ন, কৰ্ম, ভদ্ৰ ইত্যাদি।
৫। শব্দৰ শেষত ৱ থাকিলে তাৰ অ-কাৰ উচ্চাৰিত হয়। যেনে:- ভৱ, নৱ, শিৱ, জীৱ, দেৱ ইত্যাদি।
৬। শব্দৰ শেষত ব্যঞ্জনৰ আগত যদি অনুস্বাৰ থাকে, তেন্তে শব্দৰ শেষৰ ব্যঞ্জনৰ অ-কাৰ উচ্চাৰিত হয়। যেনে:- বিংশ, সিংহ, মাংস, বংশ, ধ্বংশ ইত্যাদি।
৭। অসমীয়া ভাষাত ‘ঞ’ শব্দৰ আদিত ব্যৱহাৰ নহয়। ই শব্দৰ মাজত বা পাচত থাকিলে ইয়ঁ-ৰ দৰে উচ্চাৰিত হয়। যেনে:- জিঞা, ভূঞা, গঞা ইত্যাদি। অন্যহাতে ‘ঞ’ ‘জ’ৰ পাচত যোগ হ’লে ‘গ্যঁ’ৰ দৰে উচ্চাৰিত হয়। যেনে:- জ্ঞান, বিজ্ঞান, যজ্ঞ ইত্যাদি। ইয়াৰ উপৰি ‘ঞ’ চ, ছ, জ ৰ লগত যোগ হ’লে ‘ন’ৰ দৰে উচ্চাৰিত হয়। যেনে:- কিঞ্চিৎ, বাঞ্ছা, ব্যঞ্জন ইত্যাদি।
৮। ঈ আৰু ঊ ৰ উচ্চাৰণ ই আৰু উ ৰ নিচিনা হয় আৰু চ, ছ সংস্কৃত ভাষাৰ ‘স’ৰ দৰে উচ্চাৰিত হয়। জ, ঝ, য তিনিটা বৰ্ণই ‘জ’ৰ দৰে উচ্চাৰিত হয়। যেনে:-
যম – জম
যত্ন – জত্ন
ঝাৰু – জাৰু
ঝাৰ – জাৰ ইত্যাদি।
৯। য়- শব্দৰ মাজত বা শেষত ব্যবহাৰ হয় আৰু ইয়াৰ উচ্চৰণ ‘অ’ৰ দৰে হয়। যেনে:- নাৰায়ণ, ৰামায়ন, ধনীয়ে ইত্যাদি।
১০। শ, ষ, স আন কোনো ব্যঞ্জনত যোগ হ’লে সিহঁতৰ উচ্চৰণ সংস্কৃতৰ দৰে হয়। যেনে:- বিশ্বাস, আস্থা, অষ্টম ইত্যাদি। অন্যহাতে ই ৰেফযুক্ত হ’লে সিহঁতৰ উচ্চৰণ বেলেগ হয়। যেনে:- স্পৰ্শ, বৰ্ষ, বিমৰ্ষ ইত্যাদি।
১১। হ আখৰত য যোগ হ’লে ঝ আখৰ সংস্কৃত ভাষাত যি ধৰণে উচ্চাৰিত হয় অসমীয়া ভাষাতো সেইদৰে উচ্চাৰিত হয়। যেনে:- সহ্য (সঝ্য), গ্ৰাহ্য (গ্ৰাঝ্য) ইত্যাদি।