লেখক: অনুপম কলিতা

কেতিয়াবা  আমি নিজৰ জীৱনটোৰ ওপৰত খং অভিমান কৰো, আশা নিৰাশা,সপোন বাস্তৱ ইত্যাদিৰে পৰিপূৰ্ণ আমাৰ বাৰেবৰণীয়া জীৱনটোত সুখ দূখ দুয়োটা আমাৰ সংগী হয় ভাগে ভাগে। সুখৰ বেলিকা আমি হাহিমুখে ৰং-ৰহইচ কৰো আৰু দুখৰ বেলিকা কৰিব একো কাম নাথাকিলে ভগৱানক বিচাৰি হাহাকাৰ কৰো। সকলোৱে নকৰিলেও প্ৰায় সকলোৱে কৰে। মিছা নকও মইও ইয়াৰ ব্যতিক্ৰম নহও, পিছে কথাটো হল “ভগবান থাকে কত?” সাধাৰণ ভাবে মোৰ চকুত এটা দৃশ্যপট ভাহি উঠে যে আমি এনেই সাধাৰণতে নিতৌ ভগবানক সুঁৱৰি থাকো। পুৱা গধুলি ধূপ ধূনা চাকি বন্তি জ্বলাও। আমাৰ সকলোৰে কুশল কামনা কৰো, যদি কেতিয়াবা ঘৰৰ কাৰোবাৰ অসুখ হয় তেন্তে তেওঁৰ উপাসনা অলপ অইন দিনাতকৈ বেছি হয়, প্ৰসাদৰ পৰিমাণ বেছি হয়, হয়তো  আমাৰ বিস্বাস যে ২৩০ গ্ৰাম বা ততোধিক পতাচা ,কল, গাখীৰ আগবঢ়ালে ভগৱান সন্তুষ্ট হ’ব। আমাৰ সকলো দোষ গুণ মাফ কৰি আমাৰ সমস্যা দূৰ কৰিব। ইয়াতে যদি আমাৰ সমস্যা সমাধান নহয় তেন্তে আমি ঘৰৰ চাৰিসীমা পাৰ হৈ আন ঠাইত ভগৱানৰ সন্ধানত যাও। কিছুমান মঠ-মন্দিৰ দৰ্শন কৰো নিজৰ বাবে আশীষ মাগো। ভগৱানৰ ওচৰত ফলমূল, সোণ গহণা, ধন সম্পত্তি আগবঢ়াও। তেখেতৰ ভক্তিত বিলীন হৈ পৰো। পুজাৰীজনকো সেৱা এটা নকৰাকৈ নাহো আমি। এয়াই ভক্তিৰ পৰিচয় আমাৰ বাবে। কিন্তু ইয়াৰ পিছতো যদি আশাৰ গছজোপাত ফল নধৰে তেন্তে আমি নিজৰ ভক্তি প্ৰদৰ্শনক এক অনন্য মাত্ৰা প্ৰদান কৰো। আমি অন্য জীব জন্তু যেনে পাৰ, ছাগলি বলি দিও। সিহঁতৰ জীৱনটো আমি আই গোসানীৰ নামত উচৰ্গা কৰি আমাৰ জীৱনটোত সময় যোগ কৰো। মৃত্যুৰ সময়ত নিহতৰ চিঞৰবোৰ আমাৰ বাবে সুখৰ সুৰ বুলি ভাবি হৰিবল দিও। এইবাৰ আৰু ৰক্ষা নাই। আমাৰ সকলো সমস্যা, অসুবিধা দূৰ হবই, মঙ্গল হবই, বিশ্ব শান্তিৰ নামত এফালে আমি পাৰ চৰাই উৰুৱাও। আনফালে ঘৰুৱা শান্তিৰ নামত সেই পাৰ চৰাইকে বলি দিও, আমি জানো আমি কি কৰো নকৰো, ভুল কি, শুদ্ধ কি, কিন্তু আমি নিৰুপায়। আমি ধৰ্ম নীতি নিয়ম ইত্যাদিৰ জৰীডালেৰে আমাৰ সচকিত মনটোক কটকটীয়া কৰি বান্ধি পেলাও যাতে অনাহকত যুক্তি দি আমাৰ ভক্তিত বাধা প্ৰদান নকৰে। কেতিয়াবা কিছুমান ৰোগীক অশেষ চিকিৎসা কৰিও চিকিৎসকে ভাল কৰিব নোৱাৰে। তাৰ বাবত আকৌ চিকিৎসককে জগৰীয়া কৰা বহু উদাহৰণ দেখিছো। পিছে আমি বলি বিধান পুজা অৰ্চনা ইত্যাদি সকলো কৰিও যদি সমস্যা দূৰ নহয়, ৰোগী সুস্হ নহয় তেন্তে আমি ভগবানক দোষ নিদিও। আমি তেখেতৰ পূৰ্ব জন্মৰ পাপৰ দশা বুলি আখ্যা দিও। বিধিৰ বিধান বুলি নিজৰ মনটো পাতলাও। আমি চিম্পলি গ্ৰেট। বৃন্দাবনলৈ গৈছিলো, ইতিহাস প্ৰসিদ্ধ ঠাইখন চোৱাৰ অনন্য হেপাঁহ আছিল, চহৰখনত সোমাইয়ে ভগৱানৰ ঠাই যেন লাগিল, সকলো ঠাইতে ভগবানৰ মূৰ্তি নাম কীৰ্তন ধূপ ধূনা আদি চলি আছে। এনেতে মূল মন্দিৰটোত সোমোৱাৰ আগতে আন কিছুমান মন্দিৰত সোমালো, সেয়া প্ৰখ্যাত ৰাধা-কৃষ্ণৰ মন্দিৰ। সোমাইয়ে দেখা পালো যে ভক্তৰ লানি নিচিগা ভীৰ সকলোতে। পুজাৰীজনে বহি থকা অলপ আতৰত ভগবানৰ বিশাল মূৰ্তি আৰু মাজত এখন পৰ্দা আৰি দিয়া আছে। এনেতে মোৰ পাল পৰাত আগুৱাই গলো। সেৱা কৰাৰ সময়ত যেতিয়া ভগৱানৰ দৰ্শন বিচাৰিলো তেতিয়া পৰ্দাখন আতৰাই দিলে আৰু লগে লগে ৫০০০ টকাৰ ছান্দা বিচাৰিলে, মই বিচুৰ্তি খালো, লগে লগে হাতযোৰ কৰি ক’লো যে “প্ৰভূ  মোৰ তাত ইমান ধন নাই, মই সাধাৰণ মানুহ”। লগে লগে পুজাৰীয়ে পৰ্দাখন পুনৰাই টানি দিলে আৰু  কৰ্কশ মাতেৰে কলে তেন্তে ভগৱানক দেখা দিয়া নহ’ব, মই কলো মহাৰাজ, এয়া কি কথা যাৰ যি ক্ষমতা সেইমতে দান দক্ষিণা দিব, ইয়াত নিয়ম কানুন কিয়? নাই কোনোমতেই তেখেত মান্তি নহ’ল আনকি দুই চাৰিজন তেখেতৰ অনুচৰ কাষত গোটালে, পিচত ক’লে যে ১০০০ টকা দিয়ক, এইদৰে ভগৱানক দেখা দিয়াৰ নামত দৰদাম কৰিবলৈ ধৰিলে। সঁচা কথা কৈছো, মোৰ মূৰত সৰগ ভাগি পৰিল সেইদিনা আৰু সেইদিনাই যেন মোৰ চকু বহল ভাবে মেল খাই গৈছিল। মই  ১০১ টকা চান্দা দিম বুলি আগতেই ভাবি আহিছিলো আৰু সেয়াই কৰি পোনে পোনে উঠি গুচি আহিলো আৰু আহতে এটা কথাই কৈ আহিলো যে ইয়াত ভগবান নাই, আৰু আছিল যদিও কোনোবা দিনাখনেই পলাই পত্ৰং দিছে। সেইদিনাখন আচলতে ভগবানে মোক প্ৰকৃত জ্ঞান দিছিল যে মোক পাবলে হেজাৰ টকীয়া দান আগবঢ়োৱাৰ কোনো কাৰণ নাই। তাতকৈ সেই টকাৰে ভোকাতুৰক ভাত, পিয়াহত চটফটাই থকা জীৱক পানী খুৱাবা, মই সুখী হম।
উৰিষ্যাত আছিলো বহু মাহ, সেইবাবেই পুৰীলৈ যাবলৈ ভাল  সু্যোগ পাইছিলো। সাগৰ দেখিছিলো আৰু সাগৰৰ তিৰতে প্ৰায় লাগি থকা বিশ্ববিখ্যাত জগন্নাথ বাবাৰ মন্দিৰ। য’ত ভক্তৰ সমাগমেই চকু কপালত উঠায়। দেশী-বিদেশী সকলো ধৰণৰ মানুহ তালৈ যায়। এখন অনন্য তীৰ্থস্হান। যি নহওক মন্দিৰৰ ভিতৰলৈ এদিন গ’লো। দেখিলো একেই ভক্তৰ লানি নিচিগা সোঁত, মইও গৈ শেষত থিয় হলো। এনেতে এজন ডাঙৰ পুলিছ বিষয়া কাষত আহি ক’লে আপুনি শাৰীত থিয় দিয়াৰ আগতে ২১ নে ২৬  টকাৰ টিকেট কাটি লব লাগিব। টকাৰ পৰিমাণটো ঠিক মনত নাই এতিয়া। বৃন্দাবনৰ ঘটনা মোৰ মূৰৰ পৰা আঁতৰাই নাছিল, তথাপি দেউতাই মোক যেনেতেনে ভগবানক চাবলৈ কৈছে, সেইবাবেই মই টিকেট কাটিবলৈ গলো। পইচা লোৱা মানুহজনে ক’লে যে মোৰ তাত খুচুৰা নাই। দোকানৰ পৰা খুচুৰা কৰি  আনা। ইফালে যি ভীৰ ,বাহিৰ ওলালে আকৌ সোমাবলৈ আন এটি দিন লাগিব। মোৰ বেয়া লাগিল মনটো। কি কৰো নকৰো বুলি ভাবি ভাবি ভিতৰখন এনেই এবাৰ ঘুৰিলো। এনেতে এঠাইত পাণ্ডা  এজনে মোক তেনেকৈ ঘুৰি থকা দেখি মাতি কলে যে বাবু একেবাৰেই আপোনাক মন্দিৰৰ ভিতৰত পহুচাই দিম। মোক ৫০০ টকা দিলেই হব। মই অমান্তি হলো তেওঁ আৰু অকন কমকৈ ল’ব বুলি কলে, মই এইবাৰ কাকো মহাৰাজ বা প্ৰভু বুলি সম্বোধন নকৰি কলো যে ভাই মোৰ এতিয়া আৰু ভগৱানক চাবলে মন নাই ক্ষমা কৰিব, তেখেত মোক অধৰ্মী পাপী বুলি এসোপা কিবা কিবি কৈ আঁতৰি গল। কিছুদেৰি তেনেকে কটাই ওলাই অহাৰ পৰত কিছুমান সাধু যেন লগা বাবাক আৰু কিছুমান গাওঁলীয়া মানুহক জগন্নাথবাবাৰ ভোগ বিক্ৰী কৰি থকা দেখিলো। মই উভতি পুনৰ সাগৰ তীৰলৈ  আহি মনতে ভাবিলো ভগবানে মোক  আকৌ এবাৰ চকু মেলাই দিলে  আৰু জ্ঞান দিলে, দেউতাৰ মনকামনা পূৰ্ণ কৰিব নোৱাৰিলো সেইটো দুখ পিচে থাকি গল। কিছুদিন পূ্ৰ্বে আমাৰ চহৰখনৰ এমূৰত চাহদোকানীৰ মানুহজনীয়ে বৰ দুখ কৰিছিল। আমি বন্ধুবোৰে তাতেই সন্ধিয়াৰ আড্ডা জমাও। মানুহজনীয়ে কলে যে-  মা’ক চাবলে বৰ মন আছিল ও, মই গৈছিলো সৰুজীক লগত লৈ কামাখ্যা ধামলৈ। কিন্তু বাবা আমি ছোটো মানুহ কত আমাৰ ইমান পইচা। আমি ভোদা মানুহ কত কি দিবা লাগে, নিদিবা লাগে নাজানো, দেবীক চাবা কাৰণে আমাৰ পৰা কোনোবাই ৫০০ টকা খুজিলে, কোনোবাই ৩০০ টকা খুজিলে। আমি ভাবিছিলো কামাখ্যা মাক দেখা কৰবা গলে টকা নালাগিব নেকি, বাবা আমাৰ তাত ইমান পইচা নাছিল। অহা যোৱা কৰা ট্ৰেইনৰ খৰচটো মিলাই কিছু আছিল। শেষত ৫০ টকা দি এটা কাহানিও শেষ নোহোৱা শাৰীত থিয় হলো। ৰৈ ৰৈ থাকোতে সৰুজী ভোকে পিয়াহে লালকাল হ’ল। উভতি অহা ট্ৰেইনৰো সময় হ’ল। বাবা মই নেদেখা কৈয়ে ঘুৰি আহিলো। আমাৰ লগতে থকা কোনোবাই বেছি পইচা দি বহু আগতেই দৰ্শন কৰি ঘুৰি অহাও দেখা পালো। আমি দুখীয়া বুলি ইমান কাকুতি মিনতি কৰিলো, আমি বহু দূৰৰ পৰা অহা বুলি কলো, কিন্তু আমাৰ কথা কোনে শুনে বাবা। আমাৰ দেখা নহল, আৰু এতিয়া বাবা আকৌ যোৱাৰ হেপাহ নাই, ঘৰতে কামাখ্যা মাৰ পুজা কৰো, মোৰ বিস্বাস তাতে যদি আই গোসানী আছে তেন্তে মোৰ ঘৰতো থাকিবা লাগিব। ভগবানটো একেই, সকলোতে থাকে, আমি ভাল কৰি ভক্তি কৰিলি  আই মোৰ ভগা প’জাটো আহিব। এইদৰে কৈ তেওঁ  আচলেৰে চকুপানী মচিছিল। আমিবোৰ সেইদিনা নিৰৱে আছিলো গোটেই আবেলি, মই ভাবিছিলো মোক যেনেকৈ জ্ঞান দিছিল উভতি অহাৰ পৰত ঠিক তেনেকৈ বাইদেউকো আই গোসানীয়ে জ্ঞান দিছে। মই সচাকৈ নাজানো ভগৱান ক’ত আছে বা কেনেকৈ তেওঁক লগ পাব পাৰি। কিন্তু মই এটা কথা ভালকৈয়ে জানো যে যিয়ে নিজৰ স্বাৰ্থ দূৰত ৰাখি দহ ৰাইজৰ হকে কাম কৰে, যাৰ হৃদয়ত সংসাৰৰ সকলো জীৱৰ প্ৰতি দয়া মায়া মমতা আছে, যিয়ে  দৈনন্দিন জীবনৰ নিজৰ কৰ্তব্য সুচাৰু ৰূপে আৰু নিষ্ঠা ভাবে পালন কৰে, সত্যৰ পথত চলে, তেখেতে ভগৱানক পাব পাৰে বা ভগবান নিজেই তেওঁলোকৰ কাষলৈ উধাতু খাই আহে। মই কোনো জ্ঞানী পণ্ডিত নহয়, সাধাৰণ মানুহ মই, ভাৰতবৰ্ষৰ ভিন ভিন ঠাই ভ্ৰমি নিজৰ যি অভিজ্ঞতা হৈছে সেয়াই আপোনালোকৰ আগত প্ৰকাশ কৰিছো, আৰু মই মোৰ লেখাৰ দ্বাৰা কোনো সংস্থান, গোট, ধৰ্ম, নীতি নিয়ম ভক্তি  ইত্যাদিক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা নাই। দেশৰ এজন নাগৰিক হিচাপে নিজৰ অভিজ্ঞতা নিজে প্ৰকাশ  কৰাৰ অধিকাৰ আছে  আৰু সেয়াই মই কৰিছো।

Related Posts

Leave a Comment

error: Content is protected !!