বন্ধুলৈ এষাৰি কথা

by admin

কবি: হেমেন ৰাজবংশী, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, টিহু মহাবিদ্যালয়

লগাখিনিৰ বাবে
থকখিনি কিয় দলিয়াই দিছা

হৃদয়ৰ ঘৰে ঘৰে কিয় জলাইছা জুই

কিয় মোহাৰি পেলাইছা

প্ৰেমৰ পুৰণি সাঁকো

সাত জনম পাত কৰিও জানো

গঢ়ি লব পাৰিম
বন্ধু্ত্বৰ বুকু

হেৰুৱাব নোখোজো তোমাক

ফলা বাঁহ জোৰা লগা

মই যে দেখা নাই !

Related Posts

Leave a Comment

error: Content is protected !!