লক্ষীমাই দত্ত
সহকাৰী অধ্যাপিকা
ধেমাজি চিটি মহাবিদ্যালয়, ধেমাজি

সাধাৰণভাৱে আৰু চমুকৈ ক’বলৈ গ’লে যি পুথি পঢ়িলে কোনো এটা ভাষা শুদ্ধকৈ ক’ব আৰু লিখিব পাৰি তাকে ব্যাকৰণ বোলে। অৰ্থাৎ, কোনো এটা ভাষাৰ স্বৰূপ অথবা শব্দগঠন প্ৰণালী, বাক্যগঠন প্ৰণালী আৰু ভাষাটো শুদ্ধকৈ প্ৰয়োগ কৰিবৰ নিমিত্তে বিচাৰ-বিশ্লেষণ যি পুথিত সন্নিৱিষ্ট কৰা হয় তাকে ব্যাকৰণ বোলা হয়। অৱশ্যে ভাষাবিদসকলে বিভিন্ন ধৰণে ব্যাকৰণৰ সংজ্ঞা আগবঢ়োৱা দেখা যায়।

পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ মতে,“যি পুথি পঢ়িলে আখৰ আৰু শব্দ শুদ্ধ ৰূপে জোঁটাব আৰু লিখিবৰ নিয়মবিলাক শিকিব পাৰি তাকে ব্যাকৰণ বোলে”।

সত্যনাথ বৰাৰ মতে,“ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙনি।  ই ভাষা এটাক খণ্ড খণ্ড কৰি তাৰ গঠন আৰু গঠন প্ৰণালীটোক ভাংগি-চিংগি ভিন ভিন কৰি দেখুৱাই দিয়ে আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে”।

ড: সুনীত কুমাৰ চট্টোপাধ্যায়ৰ মতে,“যি বিদ্যাৰ দ্বাৰা কোনো ভাষাক বিশ্লেষণ কৰি তাৰ স্বৰূপটি আলোচিত হয় আৰু সেই ভাষাৰ গঠন লিখন আৰু কথা-বাৰ্তাত তাক প্ৰয়োগ কৰা হয়, সেই বিদ্যাকে ভাষাৰ ব্যাকৰণ বোলে”।

ব্যাকৰণে কোনো এটা ভাষাৰ শব্দ গঠন, বাক্য গঠন প্ৰণালী শ্ৰেণীবদ্ধভাৱে সজায় আৰু শু…দ্ধ ৰূপটো নিয়মৰ অধীনলৈ আনে।

Related Posts

Leave a Comment

error: Content is protected !!