ধ্বনি আৰু বৰ্ণ :

by admin

লক্ষীমাই দত্ত
সহকাৰী অধ্যাপিকা
ধেমাজি চিটি মহাবিদ্যালয়, ধেমাজি

মানুহে মনৰ ভাৱ ভাষাৰ জৰিয়তে প্ৰকাশ কৰে।  ভাষাৰ মূল হৈছে ধ্বনি।  মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মুখ-গহ্বৰত সংঘৰ্ষৰ সৃষ্টি হয়, সেয়াই ধ্বনি।  মানুহৰ মুখখন হ’ল ঘাই বাক্…যন্ত্ৰ।  ইয়াৰ প্ৰধান অংগবোৰ হ’ল : ওঁঠ, দাঁত, দাঁতৰ আলু, তালু, জিভা, কণ্ঠ আৰু নাক।  এই অংগবোৰৰ সহায়ত বায়ুপ্ৰৱাহক ৰোধ অথবা নিয়ন্ত্ৰণ কৰি ধ্বনিৰ সৃষ্টি কৰা হয়।  উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ধ্বনিৰ ৰূপ বেলেগ বেলেগ হয়।

মানুহে কিবা কব খুজিলে প্ৰথমে তেওঁ ধাৰণা কৰি লয় আৰু লগে লগে ধ্বনিলৈ ৰূপান্তৰিত হয়।  ইয়াৰ পাছত বাক্…যন্ত্ৰত ক্ৰিয়া আৰম্ভ হবলৈ ধৰে।  হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰৱাহ শ্বাসনলীৰ শীৰ্ষস্থানত থকা ঘটিকাৰ পাতল আৱৰণ স্পৰ্শ কৰি কেতিয়াবা স্বাভাৱিকভাৱে বাহিৰলৈ ওলাই আহে, এনে বৰ্ণক অঘোষ বৰ্ণ বোলা হয়।  কেতিয়াবা এই আৱৰণ দুখনে বায়ু নিৰ্গমনৰ পথ অৱৰোধ কৰে।  ফলত আৱৰণ দুখনে ঠেলি বায়ুৰ প্ৰৱাহ বাহিৰলৈ ওলাই আহোঁতে ঘৰ্ষণ সৃষ্টি কৰা বৰ্ণবোৰক অঘোষ বৰ্ণ বোলা হয়।  শ্বাসনলীৰ এই আৱৰণ দুখনৰ নাম কণ্ঠতন্ত্ৰী। কন্ঠতন্ত্ৰীত বাধাৰ অভাৱ বা বাধা অনুসৰি সৃষ্টি হোৱা ধ্বনিক দুটা ভাগত ভাগ কৰা হয়।  সেইয়া হল- অঘোষ বৰ্ণ আৰু সঘোষ বৰ্ণ।

উচ্চাৰণৰ স্থান আৰু বাধা অনুযায়ী ধ্বনিবোৰক স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি এই দুটা ভাগত ভাগ কৰিব পাৰি।  যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ুপ্ৰৱাহ বাধাপ্ৰাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে তাকে স্বৰধ্বনি বোলে।  অন্যহাতে যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন অনুসৰি বাক্…যন্ত্ৰৰ বিভি…ন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূৰ্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয় তাকে ব্যঞ্জনধ্বনি বোলে।

কিছুমান ধ্বনি উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু সম্পূৰ্ণ বন্ধ নহয়।  বায়ু ওলাই যোৱা বাটতো ঠেক কৰি ৰখাৰ ফলত বায়ু ঘঁহনি খাই ওলাই গৈ উচ্চাৰিত হোৱা ধ্বনিক ঘৰ্ষিত ধ্বনি বোলা হয়।  এই ধ্বনি উচ্চাৰণ কৰোঁতে মুখৰ বতাহ তপত হৈ  ওলাই কাৰণে ইয়াক উষ্ণ ধ্বনিও বোলা হয়।

কিছুমান ধ্বনি উচ্চাৰণ কৰোঁতে নাকেৰে বায়ু এৰি দিয়া হয়।  এনে ধ্বনিক নাসিক্য ধ্বনি বোলা হয়।

Related Posts

Leave a Comment

error: Content is protected !!