আমি অসমীয়া: বাইদেউ আপুনি কেৱল সাহিত্যই নহয়, সাংবাদিকতা, সমাজ সকলোৰে লগত জড়িত , আপুনি দৈনিক নানান মানুহক লগ পাই, সমাজখনক ওচৰৰ পৰা পায় সেয়ে আপোনাৰ সাহিত্যৰ লগতে সমাজখনৰ সমাজ খনৰো অভিজ্ঞতা যথেষ্ট | আচলতে আমি ইলেক্ট্ৰনিক মিডিয়াত সাহিত্যৰ প্ৰসাৰ আৰম্ভ কৰিছিলো প্ৰায় ২০১২ চনৰ পৰাই কিন্তু এতিয়া কথা হ’ল ইলেক্ট্ৰনিক মিডিয়াত সাহিত্যৰ উপস্থাপনক লৈ ৰাইজ কেতিয়াবা একমত নহয় | আপুনি এই ক্ষেত্ৰত কি কয় ?
অনুৰাধা বাইদেউ- মই প্ৰকৃততে পূৰ্ণ সমৰ্থন কৰো সাহিত্যক ইলেক্ট্ৰনিক মাধ্যমত উপস্থাপন কৰাতো আৰু মইও কম বেছি পৰিমানে ইলেক্ট্ৰনিক মাধ্যমৰ সাহিত্যৰ লগত জড়িত | ইতিমধ্যে মোৰ কেইবাখনো কিতাপ ই-বুক হিচাপে প্ৰকাশ পাইছে | প্ৰথমে ভৱেন্দ্ৰ নাথ শইকীয়া দেৱৰ কিতাপ আৰু তাৰপাছতে মোৰ কিতাপ ই-বুক হিচাপে বিক্ৰীও হৈছে আসামকাৰ্ট ডট কমত | কিন্তু এতিয়া ইয়াতো তোমালোকৰ প্ৰশ্নটো আহি পৰিছে | অসমৰ বহুতো স্বনামধন্য সাহিত্যিকে এই আসামকাৰ্ট ডট কম ই-বুক বিক্ৰীৰ শুভাৰম্ভনীৰ অনুষ্ঠানটোলৈ খঙতে নাহিলে | তেঁওলোকৰ বিৰাট খঙ এই প্ৰচেষ্টাটো লৈ যে এনে হ’লে অসমীয়া কিতাপ কোনে কিনিব এনেও আজিকালি কিতাপ কিনাতো কমিছে | এতিয়া কিতাপ কমি যাব এনে হ’লে আৰু মই ইয়াক সমৰ্থন জনোৱাৰ বাবে মোকো বহুতে বেয়া পায় | কিন্তু মই তথাপিটো মোৰ মতত অলৰ অচৰ হৈ থাকিলো কাৰণ আমি প্ৰযুক্তিক বিশ্বাস কৰিবই লাগিব, সময়ৰ পৰিৱৰ্ত্তন হোৱাটো আমি দেখিছোৱে আৰু যেনেকে দেখিছো ঠিক তেনেকৈয়ে আমি আগবাঢ়ি যাব লাগিব | আজি মোৰো বহুত বন্ধু বান্ধৱী আছে বিদেশত আৰু তাহাঁতে অসমীয়া কিতাপ লৈ যাব ইচ্ছা কৰে থকা ঠাইলৈ কিন্তু একেলগে ইমানবোৰ কিতাপ নিয়াতো সম্ভৱ নহয় দিয়াচোন উৰাজাহাজত | তেতিয়া মোৰ বান্ধৱী জেউতী ( জাৰ্মানীত থাকে) তাইয়ে মোক আজিৰে পৰা চাৰি বছৰ আগতে প্ৰথম অনুৰোধ কৰিছিল ই-বুক কৰিবলৈ | তেতিয়াই
মই ভাৱিছিলো তেনেতে গম পালো বাংলা ভাষাত এইটো কাম হৈ গৈছেই তেন্তে আমাৰ ইয়াত কিয় ন’হব | মানুহে কিতাপ খন হাতেৰে চুবলৈ পালেই যে পঢ়িব তেনে নহয় এনেদৰে পালেও পঢ়িব | আমি যদি এতিয়া ঘৰতে বহি বজাৰ কৰিব পাৰো ইন্টাৰনেটৰ যোগেদি তেন্তে সাহিত্যৰ ক্ষেত্ৰত কিয় নোৱাৰো | এইটো এটা আচলতে মানুহৰ অদ্ভূট যুক্তি আৰু মই কেতিয়াও মানি ল’ব নোৱাৰো | সেইকাৰণে মই প্ৰকৃততে সমৰ্থন কৰো ই- সাহিত্যক |
আমি অসমীয়া- সেই কাৰণেই আমাৰ অসমীয়া সাহিত্য জগতত ই- শ্বপিং লাগে আৰু আমি বিচাৰো তেনে হোৱাটো | তেনে এক কথাতে এটা হয় আমি ই- আলোচনীৰ মানুহ খিনি একেখন চালিৰ তলত বহি কাম নকৰোঁ অন্য আলোচনীৰ দৰে | ইয়াৰ কিছুমান সুবিধা অসুবিধাও আছে | আমি একেলগে কাম নকৰাৰ বাবে আমাৰ ভাষা-ব্যাকৰণৰ মানদণ্ড উন্নত নোহোৱা সম্পৰ্কে বহুতে কয় আৰু এনেধৰণে ইণ্টাৰনেটৰ যোগেদি ভাষাৰ সেৱা কৰা মানুহ খিনি প্ৰায়ে টেকনিকেল বা বাহিৰত পঢ়ি থকা খিনিয়ে হয় গতিকে লেখা মেলা কৰাত কিছুমান অসুবিধাই দেখা দিয়ে |
অনুৰাধা বাইদেউ – আচলতে এইটো এটা ভাল দিশহে | তোমালোকৰ এই কামবোৰত ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু হিউমেন ৰিচ’ৰ্চ এই দুটা সমলৰ প্ৰয়োজন বৰকৈ নহয় | আমাৰ আলোচনীবোৰত এইটো এটা ডাঙৰ খৰচ, তাৰোপৰি আমাক পিয়নলৈকে প্ৰয়োজন | কিন্তু তুমি যদি পুণেত থকা, এঁও যদি হায়দৰাবাদতো থাকে বা নিউজিলেণ্ড আৰু গুৱাহাটীত থাকা তোমালোককেইজনৰ সম্পৰ্ক আৰু সম্পাদনাত ই আলোচনী এখন সুন্দৰকৈ প্ৰকাশ হৈ ওলায় | কিন্তু মানুহৰ ভাবাৰ দৰে এইটো নহয় যে এইটো হ’লে এইটো মৰি যাব | এইবোৰ সমান্তৰাল ভাৱে যোৱা বস্তু | নতুনক মানুহে আদৰি ল’বই | আমাৰ সভ্যতাটোৱেই হৈছে এনেকুৱা | আমি যিমানেই পেণ্ট ছাৰ্ট নিপিন্ধো আজি বিয়া বা সকাম এটাত আমি আমাৰ নিজৰ সাজপাৰযোৰ পিন্ধিমেই আৰু এইবোৰ আচলতে সমান্তৰাল ভাৱে যোৱা বস্তু যিয়ে ইটো সিটোৰ হাত ধৰা ধৰিকৈ গৈ থাকে | এটা হ’লে আনটোৰ মূল্য কমি নাযায় | এতিয়া আমি কিছুমান কথা লিখো যিবোৰ অসমৰ চাৰি সীমাৰ মাজতে সীমাবদ্ধ হৈ থাকিলে | কিন্তু তেনে এটা কথা এনে মাধ্যমৰ যোগেদি যদি মানুহে দিল্লীত পঢ়িলে আৰু ভাৱিলে যে এই কথা খিনি বেলেগেও গম পাব লাগে আৰু তেওঁ তাক অনুবাদ কৰি ইংৰাজীলৈ ইন্টাৰনেটৰ যোগেদি প্ৰচাৰ কৰিলে লগে লগে আমাৰ ইয়াত সীমাবদ্ধ থকা এই কণ্ঠ পৃথিৱীবাসীৰ চকুত আহি পৰিলে | এনে কথা মোৰ ক্ষেত্ৰতো হৈছে | মোৰ কেইবাটাও সম্পাদকীয় দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰই পঢ়ি ইংৰাজীলৈ অনুবাদ কৰি তেঁওলোকৰ ৱেবছাইটত সকলোৱে পঢ়িব পৰাকৈ দি দিছে | মই সুধিলো কিয় ??তেতিয়া তেঁওলোকে ক’লে এই কথা খিনি সকলোৱে জনাতো বৰ দৰকাৰ | সেইকাৰণে তেঁওলোকে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে সেই কথাখিনি সংৰক্ষণ আৰু প্ৰচাৰ চলাইছে | তাৰোপৰি তেঁওলোকে দৰকাৰী কথাবোৰ তেনেধৰণৰ সুবিধাৰ যোগেদি সকলোকে জনাব চেষ্টা কৰে |
আমি অসমীয়া- হয় তেনেধৰণৰ কথাবোৰ ভাবিয়ে থকা হয় | এতিয়া ধৰক শ্ৰীমন্ত শংকৰদেৱৰ কথাৰ পৰা আৰম্ভ কৰি কিমান অসমীয়া গুৰুত্বপূৰ্ণ কথা বাহিৰৰ মানুহে গম নাপায় বা তেনে কাম কৰা হোৱা নাই | এতিয়া যদি আমাৰ এটা ৱেবচাইট থাকে আমি তাৰ সম্পৰ্কে লিখা মেলা কৰি পৃথিৱীবাসীক জনাব পাৰো | ই-লিটাৰেচাৰটো সেই বাবে আমাৰ মতে দৰকাৰ | তাৰোপৰি বাইদেউ নতুন সাহিত্যিক এজন কিদৰে সৃষ্টি কৰে আপোনালোকে !!
অনুৰাধা বাইদেউ- সেইকাৰণেই দৰকাৰ আৰু ই লিটাৰেচাৰটো থাকিবই লাগে | মানুহে ভাল সাহিত্য পঢ়িলেহে শুদ্ধ ব্যাকৰণৰ চৰ্চা হ’ব আৰু শুদ্ধ ব্যাকৰণ জানিলেহে ভাল সাহিত্যৰ সৃষ্টি হ’ব | দুয়োটা কামেই একেলগে চলি থাকে | এতিয়া মানুহে যেতিয়া চিঠি লিখে তেতিয়া তাত এছ.এম.এছৰ দৰে নিলিখে | চিঠিখনো এখন সাহিত্য | এতিয়া যদি আমি আধুনিক সাহিত্যৰ কথা চাও মই ভাৱো যে চিঠিৰ জৰিয়তেই আমাৰ সাহিত্য চেতনাৰ সৃষ্টি হয় | এতিয়া আমাৰ সাদিন কাকত খনতেই আমাৰ সম্পূৰ্ণ দুটা ডাঙৰ ডাঙৰ পৃষ্ঠা মানুহৰ চিঠিৰ কাৰণে মুকলি আছে | চিঠিক এৰি দিয়া কাৰণটোৱে হৈছে এনেকুৱা যে এতিয়াও আমাৰ বহুত এনেকুৱা মানুহ আছে যিয়ে হয়তো গল্প প্ৰবন্ধ বা কবিতাৰ জৰিয়তে নিজৰ অনুভৱবোৰ বা অভিজ্ঞতাবোৰ বৰ্ণনা কৰিব নোৱাৰে কিন্তু চিঠিৰ জৰিয়তে সেই কথাখিনি প্ৰকাশ কৰাত একো অসুবিধা নহয় | ধৰা এতিয়া এনেকুৱা কিছুমান কথা যেনে তেঁওলোকৰ বাৰীত আগতে কিছুমান গছ আছিল আজিকালি নাইকীয়া হ’ল বা আগতে তেঁওলোকৰ ঠাই খনত এনে কিছুমান চৰাই আছিল আজিকালি নাইকীয়া হ’ল | সেইবোৰ ধৰা বেলেগ আকাৰে প্ৰকাশে কৰিব নোৱাৰে কিন্তু চিঠিৰ জৰিয়তে সহজে প্ৰকাশ কৰিব পাৰে আৰু আমি তাক কাটি কুটি ঠিক ঠাক কৰি সাদিনত প্ৰকাশ কৰো | যেতিয়া আমি এবাৰ প্ৰকাশ কৰো তেতিয়া তেঁওলোকে বুজি পায় যে তেঁওলোকে লিখিব পাৰে বা লিখাটো হৈছে আৰু ইমানেই উত্সাহ পায় লগে লগেই দ্বিতীয়খন চিঠি আমালৈ পঠায় | সপ্তাহে সপ্তাহে চিঠি পঠাব আৰম্ভ কৰে আৰু সেইটোৱে হৈছে সাহিত্য চেতনা এনেদৰে বছৰটো চিঠি পঠালে দেখা যায় যে লাহে লাহে লিখকজনে এটা সৰু প্ৰবন্ধ পঠাব পৰা হৈ গৈছে | আমি মন কৰো আমাৰ সাদিনত স্কুল কলেজৰ পৰা আৰম্ভ কৰি আশী নব্বৈ বয়সীয়া মানুহেও আমালৈ চিঠি লিখে | আখৰ দেখিলেই আমি ধৰিব পাৰো কোনে লিখিছে আৰু তেতিয়া আমি তেঁওলোকৰ লিখাৰ স্পৃহাটো গম পাঁও | আকৌ মই এটা শিতান আৰম্ভ কৰিছিলো দুৰন্ত তৰুণ বুলি তাত মানে আমাৰ তৰুণ সকলৰ মনত যিমান ক্ষোভ আছে তাক প্ৰকাশ কৰিব পাৰো | সেই খঙ লাগিলে মাক দেউতাকেই হঁওক বা সমাজৰ অন্য ব্যক্তিয়ে হঁওক তাক যাতে সাদিনৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে | তাৰপাছৰ পৰা আজিকালি মন কৰো চিঠি-পত্ৰবোৰ বিশেষকৈ তৰুণ সকলৰহে আহে | কলেজৰ ল’ৰাছোৱালীয়ে বেছিকৈ লিখে | এইটোৱেই হৈছে এজন নতুন লিখক সৃষ্টি কৰাত সম্পাদকসকলৰ মূল ভূমিকা | সেইকাৰণে মই ভাবো চিঠি নোহোৱাকৈ যদি এখন কাকত বা এখন আলোচনী চলাম বুলি ভাবে তেতিয়া হ’লে তাত মানুহৰ পাৰ্টিছিপেচনো কমি যাব | তেতিয়া আমি সমাজৰ বাবে যি ভাবি আমি কামত আগবাঢ়িছো সেই লক্ষ্যতো উপনীত হ’ব পৰা নাযায় |
আমি অসমীয়া: বাইদেউ আপুনি অসমীয়া সাহিত্যত কিবা নতুন প্ৰকল্প ল’ব লগীয়া আছে বুলি ভাৱে নেকি ?
অনুৰাধা বাইদেউ : আমাৰ এতিয়া প্ৰকল্প হিচাপে ক’ব গ’লে এক ‘গ্ৰুপ অৱ পিপল’ বৰ দৰকাৰ হৈ পৰিছে, যিয়ে এক নিৰপেক্ষ দৃষ্টিৰে আমাৰ সাহিত্য আলোচনা কৰিব পাৰে। এখন কিতাপৰ শুদ্ধ ভাৱে আলোচনা হোৱাটো বৰ দৰকাৰ আজিৰ যুগত। আজিকালি কি হয় জোৰ জবৰদস্তি এখন কিতাপক পুৰস্কাৰ দিয়া হয় বা কিতাপ প্ৰকাশ হোৱাৰ পাছত হোটেললৈ মাতি নি চাৰিজন সাংবাদিকক হোটেললৈ মাতি নি ভালকৈ খোৱাই বোৱাই ভাল সমালোচনা লিখোওৱা হয়। ইয়াৰ ফলত কি হয়, সমাজলৈ এটা ভুল বাৰ্তা পঠিওৱা হয়। পাঠক আকৌ সদায় সত্য, লাগিলে সাংঘাটিক বিজ্ঞাপন দিয়ক বা যিমানে আভুৱা নাভাৰক পাঠকে সদায় প্ৰকৃত গ্ৰন্থখন হে ল’ব । লাগিলে চাৰি পাঁচটা বটা পালেও সেইখন কিতাপ যদি ভাল নহয় পাঠকে নপঢ়ে বা তেনে লিখকৰ দ্বিতীয় খন গ্ৰন্থইও সমাদৰ নাপায়। সেইবাবে আমি এটা সুস্থ বাতাৱৰণ সৃষ্টি কৰিব পাৰিব লাগিব। গতিকে আমি পাঠকক বিভ্ৰান্ত হ’বলৈ দিব নোৱাৰোঁ।
আমি অসমীয়া: বাইদেউ এইখিনিতে আপোনাৰ কথালৈ আহিছো। বাইদেউ আপুনি আজিলৈ ইমানখিনি সাহিত্য ৰচনা কৰিলে, আপোনাৰ শ্ৰেষ্ঠ সাহিত্য বুলিলে কি বুলি ভাৱে ?
অনুৰাধা বাইদেউ: আচলতে একো নাই মোৰ শ্ৰেষ্ঠ সাহিত্য বুলিবলৈ। লিখাটো মোৰ পেশ্যন হে, মই নিজকে লেখিকা বুলিও নাভাবো। মোৰ মন গ’লে মই কিবা এটা লিখো, অন্যথা নিলিখো। মই প্ৰথম অৱস্থাত ভাবিছিলো যে ইউনিভাৰ্ছিটিত মই ভাল ৰেংক পাইছো মই এজন শিক্ষয়িত্ৰী হ’ম। কিন্তু তাৰপাছত মন সলাই সাংবাদিকতাত আহিলো। দেখিলো, কিবা এটা ভাল লাগে। কিন্তু আজিকালি ইমান এটা ভালো নালাগে, কিয়নো দেখিছাই যে আজিকালি সাংবাদিকতাৰ ধৰণ-কৰণ বোৰ কিবা বেলেগ হৈ গৈছে। মই সেইটো সাংবাদিকতাকহে ভাল পাঁও, যিটো সমাজৰ, প্ৰকৃতি আৰু মানুহৰ লগত জড়িত। চাহেবপুৰাৰ বৰষুণ আদি কৰি সকলোবোৰতে চৰিত্ৰবোৰ মই নিজে পোৱা অভিজ্ঞতাৰ পৰা বুটলি আনিছো। মই কি কৰো, কোনোবা এজন মানুহক যদি মোৰ ভাল লাগে মই তেঁওক ভালদৰে অৱজাৰ্ভ কৰি থাকো তেঁও কিন্তু নাজানে আৰু মই জানো যে সেই চৰিত্ৰটো মই কাহিনীত আনিব পাৰিম। মই তেঁওৰ লগত ফ্ৰেণ্ডছিপো কৰো ঘূৰাফুৰাও কৰো। কিন্তু যেতিয়া কাহিনীতো লিখা শেষ হয় তেতিয়া মই আকৌ লাহে লাহে সম্পৰ্কবোৰ কমাই দিও। তেনেকে মহিলা, ল’ৰা,ছোৱালী সকলো আছে। সোন হৰিণৰ চেকুৰৰ সময়ত মই তিনি বছৰ য়ংগ জেনেৰেচনৰ লগতেই কটালো। একেলগে সিঁহতৰ সৈতে চিনেমাও চাও, কফিও খাও আৰু তেনেকেই তেঁওলোকৰ জীৱনৰ বহুতো কথা গম পালো। কিতাপ খনত নামবোৰহে বেলেগ বেলেগ কিন্তু কাহিনীবোৰ হ’লে সঁচা। মই সেই এক্সপ্ল’ৰ কৰি ভাল পাঁও আৰু সেইটো আহিছে সাংবাদিকতাৰ পৰা। ধৰা মই এখন গাৱঁলৈ গ’লো। মই তেতিয়া এনেই ঘূৰি নাহো। গাঁৱৰ নানানটা অভিজ্ঞতা লৈহে আহো। মোৰ জীৱনত এনেকুৱাও হৈছে যে কেতিয়াবা ৰাতি মই কেৱল মুৰি খাইও আছো। তেঁওলোকৰ জীৱনৰ আকাংক্ষা বোৰ বুজিবৰ চেষ্টা কৰিছো। সেইকাৰণে সেইবোৰ মই পাঠকৰ মাজলৈ আনিব পাৰিছো। সেইবাবে মই গাৱঁলৈ যাঁও। কিন্তু আজিকালি এটা কথা বেয়া লাগে চহৰলৈ যি পৰিৱৰ্তন আহিছে গাঁৱলৈও আহিছে। কিন্তু আজিকালি গাঁৱৰ পৰিবেশবোৰ বেয়া কৰিছে মদ আৰু ৰাজনীতিয়ে। আজিকালি গাঁও ভূইবোৰৰ চুকে চুকে মদৰ ঘাটি। আগতে আকৌ কেনেকুৱা আছিল গাঁৱলৈ গাড়ী গ’লে আৰু বোকাত চকা পৰিলে সৰু ল’ৰাছোৱালীবোৰে জানো দৌৰ মাৰি ঠেলা মাৰি নিদিয়ে কিন্তু আজিকালি পইচা বিচাৰে। গতিকে সেই পৰিৱৰ্তনটো আহিছে আৰু মই এইবোৰ কথাত প্ৰচণ্ড দুখ পাঁও।
আমি অসমীয়া: অট’গ্ৰাফ খনত আপুনি লিখিছিল যে আপোনি অসমীয়া পঢ়ি বেয়া পাইছিল ? কিয় ক’ব নেকি?
অনুৰাধা বাইদেউ: তেতিয়া আঠষষ্ঠি চন মানৰ কথা। অসমত কনভেণ্ট শিক্ষা নাছিলেই। বিজয় সন্দিকৈয়ে তেতিয়া এটা লক্ষ্য লৈ তেঁও মাতৃ হেমলতা সন্দিকৈৰ নামত প্ৰথম কনভেন্ট শিক্ষা আৰম্ভ কৰিছিল আৰু আমি প্ৰথমেই নাম লগাইছিলো। তেতিয়া অসমীয়া ল’ৰা ছোৱালী ইংৰাজী মিডিয়ামত নিদিছিলেই। তেতিয়া সন্দিকৈ ডাঙৰীয়াই হাত যোৰ কৰি কৰি ল’ৰা ছোৱালী খুজিছিল আৰু তেতিয়া প্ৰায়েই চাহ বাগিছাৰ চাকৰিয়ালৰ ল’ৰা ছোৱালীয়ে তাত পঢ়িছিল। দেউতাই চাকৰিৰ সূত্ৰে মোকো তাত দিলে। সেইবাবে মইও মানে তেনে হৈ গৈছিলো। থকাৰ ধৰণ কৰণ কথা বতৰা সকলো ইংৰাজ ষ্টাইল হৈ গৈছিলে। কিন্তু লাহে লাহে মায়ে অনুভৱ কৰিলে যে ছোৱালীৰ চকুত যদি আছে লণ্ডনখন আছে অসমখন নাই। এটা ঘটনাই মাক ভালকৈ জোকাৰি গৈছিল আৰু সেই ঘটনাতো মই কলিকতাৰ চিঠিত লিখিছিলো। তেতিয়াই মোক অসমীয়া মিডিয়ামত নাম লগাই দিলে আৰু মই মাজৰ পৰা অসমীয়া পঢ়িছো। কিন্তু প্ৰথমে মই অসমীয়া পঢ়ি খুব বেয়া পাইছিলো। কিন্তু মায়ে অসমীয়া কিতাপ দি দি পঢ়াই মোক অসমীয়াত ভাল কৰি তুলিলে আৰু মাইয়ে মৃত্যু সময়লৈকে গৌৰৱ কৰে যে মই অসমীয়াৰ চৰ্চা কৰো।
আমি অসমীয়া: আপোনাৰ চাহেবপুৰাৰ বৰষুণৰ কাহিনীৰ ৰহস্যটো কেনেকে পালে ক’ব নেকি?
অনুৰাধা বাইদেউ: মই যেতিয়া কলিকতাত আছিলো। মোৰ পতিয়ে প্ৰায়ে বিহাৰ উৰিষ্যাৰ গাঁওবোৰ চাকৰি সূত্ৰে ঘূৰিব লাগে আৰু তেতিয়া মই তেঁওৰ সৈতে যাঁও। তেতিয়া বিহাৰ এটুকুৰা ঠাইত তেঁওৰ ছাৰ্ভে চলি আছিল আৰু সেই ঠাই খনৰ সঁচাকাহিনী এন.জি.অ’ এটাই কিদৰে ছাৰপন্সবোৰৰ লগত কেনেদৰে যুঁজিজে তাকে মই কিতাপখনলৈ আনিলো। আচলতে ঠাই টুকুৰাৰ নাম আছিলে চাহেবগঞ্জ।
আমি অসমীয়া: মেৰেঙৰ দৰে নতুন কিবা প্ৰকল্প আছে নেকি ?
অনুৰাধা বাইদেউ: আছে, মই এতিয়া চাহ বাগিছাৰ বনুৱা মহিলা এগৰাকীৰ ওপৰত কিতাপ লিখিম বুলি ভাৱি থৈছো। তাৰোপৰি মা ৰ ওপৰতো এখন কিতাপ লিখি আছো। মায়ে চাকৰি নকৰাকৈ কেনেদৰে ল’ৰা ছোৱালীক শিক্ষা দীক্ষাৰে ডাঙৰ কৰিলে আৰু পাছলৈ ডিমেন্সিয়া ৰোগী হৈ কেনেদৰে কষ্ট পালে সেইটোৰ ওপৰত। কিয়নো আজিকালি সমাজত এই ৰোগটো বৰকৈ দেখা দিছে। মানুহে আজিকালি ৪০ বছৰৰ পৰাই এই মানুহ পাহৰা বেমাৰটোৱে লগ ধৰিব লৈছে সমাজত। মই এই বস্তুটো ভূপেন দাৰ সময়তো দেখা পাইছো আৰু সেইটো কষ্ট কেনেকুৱা তাক বুজাম এই কিতাপ খনৰ জৰিয়তে।
আমি অসমীয়া: আপোনালৈ এটা অনুৰোধ- মেৰেঙৰ দৰেই আপুনি ভূপেন মামাৰ ওপৰতো কিবা এখন লিখিব বুলি আশা কৰিলো।
অনুৰাধা বাইদেউ: লিখিম লিখিম মই আৰম্ভ কৰিছোৱেই, ভূপেন দাই তাৰ তিনি পৃষ্ঠা ইতিমধ্যে চাই গৈছে। ভূপেন দাই নিজে আৰম্ভ কৰিব কৈছিল আৰু তেনেকৈয়ে আৰম্ভ কৰিলো। এতিয়া কল্পনা লাজমীয়ে ধুমুহা চিনেমা খন বনাই আছে গতিকে তাতো মোৰ সহায় বিচাৰিছে। সেয়েহে তাৰ কাম শেষ হ’লেই কল্পনাৰ লগত বহি মই এইখনৰ কামো আৰম্ভ কৰিম। মই লিখিলে তেঁওক মানুহ হিচাপেই পাঠকৰ আগত ডাঙি ধৰিম।
আমি অসমীয়া: আৰু তেনেকুৱা নাই। আপোনালৈ বহুত বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়া বাবে।
অনুৰাধা বাইদেউ: তোমালোক লৈও মোৰ শুভেচ্ছা যাঁচিলো, ভালদৰে কাম কৰা আমাৰ ভাষাটোক লৈ যাতে আৰু গৌৰৱ কৰিব পাৰো। “আমি অসমীয়া” অসমীয়া সমাজত এক আগশাৰীৰ প্ৰতিস্থিত নাম হৈ উজলি উঠক।
*************************************************************************