মোৰ ভণ্টী বাংগালোৰত থাকে বাবে মোৰ খুব ঘনাই তালৈ যোৱা হয় । প্ৰতি বাৰেই বহুদিন থকা হয় । ভণ্টি লগত থকা সময় খিনিৰ বাহিৰে অইন সময়ত অসমীয়াত কথা কোৱা মানুহ কাকো নাপাওঁ । মোৰ কেনেকুৱা লাগে মই শব্দৰে বুজাব নোৱাৰিম । বেছিভাগ সময়ত মই অনুভৱ কৰো অসমীয়া শব্দ শুনিবলৈ যেন মোৰ কাণ দুখনৰ “পিয়াহ” লাগিছে । মোৰ এই অনুভৱ খিনি বুজাবলৈ “পিয়াহ”তকৈ উপযুক্ত শব্দ দেখোন এই সময়ত মোৰ মনলৈ অহা নাই । এদিনৰ ঘটনা । মোৰ এই কাণৰ পিয়াহত আতুৰ অবস্থাত বজাৰ এখনত ভণ্টিৰ লগত ঘুৰি আছিলো । হঠাত্
শুনিলো ৰাস্তাৰ সিটো পাৰৰ পৰা ল’ৰা এজনে ৰাস্তাৰ ইটো পাৰত থকা বেলেগ এজন ল’ৰাক চিঞৰি কৈছে “ঐ…বাইক খন তাতে পাৰ্ক কৰিলো….হবনে… ”। এটা অতি সাধাৰণ বাক্য । কিন্তু মোৰ মুখেৰে সমান চিঞৰত আৰু এটা বাক্য ওলাই আহিল “ইয়ে…অসমীয়া… ”। সেই সময়ত ভণ্টিয়ে যিটো জোৰেৰে মোৰ হাতত টিপা মাৰিলে ভাবিলে এতিয়াও মোৰ সেই ঠাইখিনি বিষাই উঠে । ল’ৰা দুজনেও দূৰৰ পৰাই হাঁহি আছিল । ভাল লাগিছিলে মোৰ কাণৰ পিয়াহ পলোৱা বাবে ।
মই ট্ৰেইন যাত্ৰা খুব ভাল পাওঁ । ইমানবোৰ মানুহ একেলগে গৈ থাকো । গৈ থকা কেইদিন সকলোৰে লক্ষ্য এটাই । কেতিয়া গৈ পাম । গৈ পোৱাৰ পিছতহে সকলোৰে লক্ষ্যবোৰ ভিন্ন হৈ যায় । যদিও মই সহজতে মানুহৰ লগত মিলি যাব পাৰো এনেকুৱা যাত্ৰাৰ সময়ত অলপ গহীনত বহি থাকো । মই অনুভৱ কৰো এনেকুৱা যাত্ৰাত কাষৰ যাত্ৰীৰ লগত বেছি মিলা-মিছা কৰিলে বহুত সময়ত আমনি লাগি যায় । আৰু অলপ গহীন হৈ থাকো কাৰণেই হয়তো ওচৰৰ যাত্ৰীবোৰেও মোক হাঁহি এটা মাৰি দিয়াৰ বাহিৰে কেতিয়াও আগতে নামাতে । গতিকে মইও সময়বোৰ মোৰ ইচ্ছাত পাৰ কৰিব পাৰো । এবাৰ এনেকৈ ঘৰলৈ আহি থাকোতে মোৰ কম্পাৰ্টমেণ্টত কোনো অসমীয়া মানুহ নাছিল । দুজন ভায়েক আছিল । মাৰোৱাৰী সম্প্ৰদায়ৰ । তেওঁলোক গুৱাহাটীতে থাকে । এজন অলপ বয়সীয়া মানুহ আছিল । তেখেত বঙালী, নিউ জলপাইগুৰিত নামিব । মই ভালেই পাইছিলো অনাঅসমীয়া সংগী হোৱা বাবে । কাৰণ তেওঁলোকেও অযথা একো কথা মোক সুধি থকা নাছিল । আমাৰ লগত থকা বঙালী লোকজনে ট্ৰেইনত কিবা কিবি বেগৰ পৰা উলিয়াই খাই আছিলে । যিহেতু মই প্ৰায়ে অক’লে যাত্ৰা কৰো সেইকাৰণে যাত্ৰাৰ সময়ত ট্ৰেইনত খাবলৈ ঘৰৰ পৰাই প্ৰতি সাজৰ বাবে “ছিলভাৰ ফইল পেপাৰত ” কিবা কিবি লৈ লও । সেইকাৰণে মোৰো বেগ খোচৰা আৰু খোৱা কাম চলি থাকে । বাকী সময়ত কিবা পঢ়ি, মানুহৰ ৰেহ ৰূপ চাই আৰু হেপাহ পলুৱাই শুই সময় কটাও । আমি দুপৰীয়াতে হাওৰা পাৰ হৈছিলো । সেই দুপৰীয়াতে আমাৰ দবাটোত কাৰেণ্ট নাছিল । সময় গৈ গৈ গধুলী হ’ল । নাই আমাৰ দবাৰ লাইট নজ্বলিল । এ.চি. বন্ধ । কেনেকুৱা যে লাগিছিল । কিজানি মই অলপ ভয়ো খাইছিলো । গধুলীতে মই মোৰ ওপৰৰ শোৱা ছীটত উঠি লৈ তললৈ চাই আছিলো । ৰাতি ১১ টা মানত “নিউ জলপাইগুৰি” পালো । ষ্টেচনৰ লাইটৰ পোহৰত দেখিলো বঙালী মানুহজন নামি গ’ল । তেখেতেই অলপ সাহস আছিল মোৰ বাবে । যদিও মোৰ ভূতলৈ আৰু আন্ধাৰলৈ বৰ ভয়, মই নিজকে বুজালো যি হয় দেখা যাব । আমাৰ ট্ৰেইনখন সেই ষ্টেচনটোতে ৰৈ আছিলে । কেইমিনিটমানৰ পাছত মোক কোনোবাই মাতা যেন পালো । তললৈ চাই দেখিলো সেই নামি যোৱা বঙালী মানুহজন | তেখেতে মোক বঙালীতে ( যদিও মই বঙালী কব নোৱাৰো অলপ-অচৰপ বুজি পাও ) ক’লে যে আমাৰ দবাৰ কাৰেণ্টৰ সংযোগ অলপ পাছত হোৱাৰ চান্স আছে | টেকনিছিয়ানে কাম কৰি আছে | তেখেতে মোক ভয় খাবলৈ মানা কৰিলে আৰু তেখেতৰ হাতৰ “ টৰ্চটো ” মোক দি দিলে লগতে ক’লে যে তেখেতে আহোতেই বাটৰ পৰা ফোন কৰি তেখেতৰ পৰিয়ালৰ মানুহক ষ্টেচনলৈ মোৰ কাৰণে টৰ্চ এটা লৈ আহিব কৈছিল | সেই সময়ত মই একো কব নোৱাৰা হৈ গৈছিলো । মাথো মোৰ চকু পানী ওলাই আছিল । নামি যাওতে মানুহজনে মাৰোৱাৰী ভায়েক দুজনক কৈ যোৱা শুনিছিলো “ মোৰ ওপৰত নিজৰ ভনীয়েক বুলি গুৱাহাটীলৈ চকু ৰাখে যেন ” । যিজন মানুহৰ লগত মই দুদিন একেলগে আহিও বিশেষ একো কথা পতা নাছিলো সেই অচিনাকী মানুহজনে মোক শেষত যিখিনি মৰম দি গ’ল মই কেতিয়াও পাহৰিব নোৱাৰিম । খুব দুখ লাগে ভাবিলে যে তেখেত কোন ক’ত থাকে মই একোৱেই নাজানিলো । সেইদিনা নিউ জলপাইগুৰিতেই আমাৰ ডবাটোত কাৰেণ্ট আহিছিল ।
আকৌ এবাৰ ট্ৰেইনত মই বাংগালোৰৰ পৰা আহি থাকোতে বৰ ভাল লগা অভিজ্ঞতা এটা হৈছিল । আমাৰ ট্ৰেইনখন বঙাইগাওঁ পাৰহৈ অহাৰ পাছত শুনিবলৈ পালো কোনোবাই লোকগীত গাই আছে | লগত দোতৰা, ডগৰ আৰু খুঞ্জৰীও আছিল । কোনফালৰ পৰা শব্দটো আহিছে মই অলপ সময় ধৰিব পৰা নাছিলো । অলপ সময় কাণপাতি শুনাৰ পাছত অনুমান কৰিলো লোকগীতটি সমবেত পুৰুষ কণ্ঠত গোৱা হৈছে । শুনি ইমান ভাল লাগিল যে কোনেনো গাইছে চাবলৈ বৰ মন গ’ল । কিন্তু উঠি গৈ চোৱা নাছিলো । অলপ পাছত লোকগীত গোৱা দলটো আমাৰ কমপাৰ্টমেণ্টলৈ আহিল । গোটেই দলটোত ১৩ জনমান ল’ৰা আছিল । তাৰে তিনিজন অন্ধ । সকলোকেইজনে মিলি একে সুৰত বৰ ধুনীয়াকৈ লোকগীতটি গাই আছিল । আমাৰ কম্পাৰ্টমেণ্টৰ সকলোৱে বাৰুকৈয়ে উপভোগ কৰিছিলো । লোকগীত গোৱা হোৱাৰ পাছত এজন ল’ৰাই এলুমিনিয়ামৰ থাল এখন আমাৰ ফালে আগবঢ়াই দিলে । আমি অবাক হলো । ইমান ভাল কাপোৰ-কানি পিন্ধা ইমান ডাঙৰ মগনীয়া দল আগতে কতো ল’গ পোৱা নাছিলো । তেতিয়া থালখন আগবঢ়াই দিয়া ল’ৰা জনে অন্ধ লোক কেইজনলৈ দেখুৱাই ক’লে “ আপোনালোকে ইমান দূৰ আহোতে হয়তো বাটত বহুত মগনীয়াক পইচা দিলে । এওঁলোক অসমীয়া মগনীয়া । অসমীয়া মানুহে অসমীয়াক সহায় কৰক ।” আমাৰ কম্পাৰ্টমেণ্টৰ সকলোৱে তেওঁলোকক পইচা দিলো । আকৌ দলটো আগবাঢ়িল লোকগীত গাই গাই । আমাৰ কম্পাৰ্টমেণ্টত অহা দুজন ল’ৰাও তেওঁলোকৰ দলত যোগ দিলে । ৰঙিয়াত অন্ধ লোককেইজন নামি যোৱাৰ পাছত গম পাইছিলো অন্ধ লোক তিনিজন মগনীয়া । বাকী ল’ৰা কেইজন বাংগালোৰত কেইবা বছৰৰ পৰা চাকৰি কৰি আছে । তেওঁলোকে ট্ৰেইনত অসমীয়া লোকগীত গোৱা মগনীয়া দেখি ইমান আবেগিক হৈ পৰিছিলে যে দোতৰাটো এজনে, ডগৰটো এজনে আৰু খুঞ্জৰীটো এজনে লৈ মগনীয়া কেইজনৰ লগত সংগত কৰিলে লগতে পইচা খোজাতো সহায় কৰি দিলে । মোৰ বৰ ভাল লাগিছিল আৰু গৌৰবো হৈছিল নিজকে মানুহ বুলি অনুভৱ কৰি ।