14
১) মাটি দি ঘৰমুৱা হ’ল মুখ্যমন্ত্রী গগৈ
মহন্তক গুৱাল গালি ‘কথা কয় নগৈ’।
চৌদিশে হুঙ্কাৰ
গগৈৰ কিযে অহংকাৰ
দিল্লী লগত আছে কি কৰ কৰগৈ ।।
২) ৰংসনা জীৱনৰ নায়ক জীৱন নহয় ৰঙীন
ৰাইজৰ মৰমৰ শিল্পী নবীন কিম্বা প্রবীণ ।
ভ্ৰাম্যমানত থাকি কিমান অৰ্জন
অৱসৰৰ পিছত পত্নীৰ গৰ্জন
হাতৰ কাণৰ বেছি পাৰ কৰা দিন।
৩) কেলেংকাৰীত কঁপিলে উত্তৰ কাছাৰ
সাৰ পালে শুই থকা বিৰোধী ডেন্সাৰ ।
বিপ্লৱীৰ মৰণ পণ
বিপ্লৱ নহয় লাগে ধন
তদন্তই তদন্ত নাই পিছে এন্সাৰ ।
৪)শিক্ষামন্ত্ৰী শিক্ষক হ’লে সঁচাই আছিল ভাল
গাধাও পণ্ডিত হ’লেহেতেন আমাৰেই দুৰ্কপাল ।
সকলোতেই সংস্কাৰ
ক’ত যে তিৰস্কাৰ
ৰাইজেওঁ বুজিছে কথাৰ কিমান চাল ।