মোৰ কহুঁৱা কোমল সপোন

by admin

কবি: মালবিকা ব্ৰহ্ম

দুৰ দিগন্ত বিয়পি চোৱা

সৌ নীলা আকাশখনিত

কহুঁৱা কোমল উমাল মেঘবোৰ

যেন উটি-ভাঁহি

গৈ আছে গৈ আছে

মোৰ সুৰৰ তালে তালে

ঢৌ খেলি, ছন্দ তুলি

নানান আকাৰ ধৰি …

আস্ !

যেন মোৰ সপোনবোৰৰ ধেমালি !

সময়ে গাঁথি দিয়া বকুলৰ মালাধাৰিত

এপাহ দুপাহকৈ গোট খোৱা

শৈশৱৰ পুৰণ নোহোৱা ইচ্ছাবোৰ,

কৈশোৰৰ বাস্তৱ নোহোৱা আশাবোৰ

অথবা যৌৱনৰ মুক-বেদনাত ভোগা মুহুৰ্তবোৰ …

সুগন্ধিবোৰ ওলমি আছে তেতিয়াৰে,

যেতিয়া তোমাক

শুনাম বুলি ভৱা গানৰ কলিবোৰ থাকি গ’ল,

লগ পালেই কম বুলি ভৱা কথাবোৰ থাকি গ’ল,

তোমালৈ বুলি সাঁচি ৰখা হীৰুদাৰ কবিতাবোৰো

বুকুতে এদিন ফাগুনৰ জুৰি যেন হ’ল ।

পুৰণা হলেও তাৰ সুৱাসত জানা

আজিও আচছন্ন মোৰ মন

সজাই থৈছো সিহঁতক

মোৰ কলিজাৰ গোপন কোঠাত

সযতনে,

সংগোপনে ।

কহুঁৱা কোমল মোৰ সপোনবোৰ

স্মৃতিৰ আমনিত মেলি দিওঁ

নীল আকাশত

পৰিধি নামানি

পাৰাপাৰ নিচিনি

ধেমালি কৰি যাওঁ মই

নিজৰ লগত এনেদৰে…

জীৱন-শক্তি সপোন

এয়া মোৰ

স্বাধীন মনৰ সপোন ।।

Related Posts

Leave a Comment

error: Content is protected !!