সুস্থ মন মস্তিষ্কৰ নাগৰিক গঢ়াৰ ভেঁটিয়েই হ’ল প্ৰাথমিক শিক্ষা। দেশ এখনৰ ভৱিষ্যত একো একোটি শিশুৰ ওপৰতেই সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। কিন্তু প্ৰকৃতাৰ্থত আমাৰ প্ৰচলিত প্ৰাথমিক শিক্ষাব্যৱস্থা এটি শিশুৰ ভৱিষ্যত উজলাবলৈ পৰ্য্যাপ্তনে? বিশেষকৈ চৰকাৰী শিক্ষাব্যৱস্থাৰ কথা কবলৈ গ’লে মনদৰ্পনত ভাঁহি উঠে এক বিতৰ্কিত, নীতি আদৰ্শহীন শিক্ষাব্যৱস্থাৰ কথা। কিন্তু, কিয় এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে? ইয়াত কোনো দ্বিমত নাই যে, আমাৰ চৰকাৰে শিক্ষাব্যৱস্থাৰ মানদণ্ড উন্নত কৰিবলৈ আপাত দৃষ্টিত যথেষ্ট সংখ্যক আইন প্ৰণয়ন কৰিছে, আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। কিন্তু, এই আঁচনি সমূহৰ প্ৰয়োজনীয়তা কিমান আৰু ৰূপায়ন পদ্ধতিবোৰ কিমান ফলপ্ৰসূ!
এক বৃহৎ কেলেংকাৰীযুক্ত তথা বিতৰ্কিত এনে এক আঁচনিৰ ভিতৰত ‘মধ্যাহ্ন ভোজন’ আঁচনিখন অন্যতম। সঁচাকৈ এই আঁচনিৰ প্ৰয়োজনীয়তা কিমান? চৰকাৰৰ ভাষ্য, “পেটত ক্ষুধা লৈ বিদ্যা আহৰণ অসম্ভৱ”।. কিন্তু, ক্ষুধা নিবাৰণৰ মাধ্যম এই বিদ্যালয়সমূহেই কিয়? আধ্যাত্মিক চিন্তাধাৰাৰ মানুহে কয়, “লক্ষ্মী আৰু সৰস্বতীৰ স্থান কেতিয়াও এক হব নোৱাৰে”।. কথাষাৰ শুনিলে হয়তো অন্ধবিশ্বাসৰ প্ৰভাৱ পৰা যেন লাগে, কিন্তু চালি-জাৰি চালে ইয়াৰ সত্যতা নুই কৰিব নোৱাৰি। ভাতৰ কাঁহীৰ সপোন লৈ থকা মগজুয়ে একেটা সময়তেই কিতাপৰ জ্ঞান আহৰণ অসম্ভৱ হৈ পৰে। আনহাতে, বিজ্ঞজনে কৈ গৈছে, “অভাৱেই আৱিষ্কাৰৰ মূল”।. অভাৱ অনুভৱ নকৰিলে সেই অভাবৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ আৱিষ্কাৰ কৰাও কঠিন। আমাৰ শিক্ষাব্যৱস্থাই অভাৱ দূৰ কৰাৰ বাবে বিদ্যালয়ত খাদ্য যোগানৰ পৰিবৰ্তে এনেকুৱা আঁচনিৰ প্ৰৱৰ্তন কৰা উচিত, যাৰ দ্বাৰা শিশুক ভৱিষ্যতে স্বাৱলম্বী হবলৈ অনুপ্ৰাণিত কৰাৰ লগতে শুদ্ধ পথেৰে পৰিচালিত হৈ সুস্থ মন মগজুৰ নাগৰিক হবলৈ উদগনি জগায়। তদুপৰি, এই মধ্যাহ্ন ভোজনে হকে বিহকে শিক্ষক সকলোকো বিভিন্ন কেলেংকাৰীৰ মাজলৈ ঠেলি লৈ গৈছে। যাৰ বাবে শিক্ষক সমাজৰ আদৰ্শৰ ওপৰতো এক প্ৰশ্নবোধক চিহ্নৰ উদয় হৈছে।
আনহাতে, “অবিৰত আৰু সামগ্ৰিক মূল্যায়ন” পদ্ধতিৰো ঋনাত্মক প্ৰভাৱহে পৰিলক্ষিত হৈছে। এই পদ্ধতিৰ সবাতকৈ বিফল দিশটো হ’ল উত্তীৰ্ণ বাধ্যতামূলক কৰাটো। যদিওবা ইয়াৰ উদ্দেশ্য বাৰেপ্ৰতি শিকাই হ’লেও উত্তীৰ্ণ কৰোৱাটোহে, কিন্তু প্ৰকৃতাৰ্থত ইয়াক ৰূপায়ন কৰাত শিক্ষকসকলৰ অনীহাও কিছুক্ষেত্ৰত পৰিলক্ষিত হয়। হয়তো ৰূপায়ন কৰিবলৈ পৰ্য্যাপ্ত সময়ৰো অভাৱ।
প্ৰাথমিক শিক্ষাব্যৱস্থাক এক নতুন ৰূপ প্ৰদান কৰিবলৈ শিক্ষাৰ অধিকাৰ আইনৰ যোগেদি গ্ৰহন কৰা আন এক কেৰোণযুক্ত পদক্ষেপ হ’ল “বিদ্যালয় পৰিচালনা সমিতি”।. এই সমিতি গঠন তথা পৰিচালনাৰ পদ্ধতিক লৈ সততে বিতৰ্কৰ সৃষ্টি হৈ আহিছে। আচলতে বিদ্যালয় পৰিচালনা সমিতি গঠন হব লাগে সমাজৰ কিছুসংখ্যক বিজ্ঞ তথা আদৰ্শৱান ব্যক্তিক লৈ। কিন্তু কুটিল ৰাজনীতিৰ প্ৰভাবেই হওক বা আন কিবা কাৰণতেই হওক, কেতিয়াবা কোনো কোনো বিদ্যালয়ৰ ক্ষেত্ৰত, বিশেষকৈ পিছপৰা অঞ্চলসমূহত এই সমিতি গঠন হয় এনে কিছুসংখ্যক লোকৰ দ্বাৰা, যি হয়তো শিক্ষাৰ প্ৰকৃত অৰ্থ বুজিবলৈও অপাৰগ। এনেকুৱা পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ শিক্ষক সমাজক বিমুখ কৰাই নহয়, শৈক্ষিক পৰিৱেশো বিনষ্ট কৰিছে।
আইন বা আঁচনি প্ৰস্তুত কৰাটো ডাঙৰ কথা নহয়, ইয়াক ৰূপায়ন কৰাটোহে প্ৰত্যাহ্বানৰ বিষয়। শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ অধীনত উলিওৱা হৈছে অসংখ্য আঁচনি, কিন্তু সফল আঁচনি আঙুলিৰ মূৰত হিচাপ কৰিব পৰা বিধৰ। শিক্ষাব্যৱস্থাক সফল ৰূপ দিবলৈ দূৰদৰ্শিতাৰ প্ৰয়োজন। জধে মধে আঁচনি প্ৰণয়ন কৰাতকৈ, কেনেকৈ আঁচনিসমূহ সফলভাবে ৰূপায়ন কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া উচিত। প্ৰয়োজন সাপেক্ষে আঁচনিসমূহৰ শুধৰণিৰ ব্যৱস্থাও ৰখা উচিত। তাতকৈ গুৰুত্বপূৰ্ণ কথা, শিক্ষাব্যৱস্থাক লৈ ৰাজনীতি খেলাটো বন্ধ কৰাটো। নহলেবা, অদূৰ ভৱিষ্যতত সাক্ষৰতাৰ হাৰ নিশ্চয়কৈ বাঢ়িব, কিন্তু শিক্ষিতৰ নামত সৃষ্টি হয়তো হব এচাম নীতি অদৰ্শহীন, অসুস্থ মানসিকতা তথা অদূৰদৰ্শী নাগৰিকৰ।