12
কবি: ভগৱান শৰ্মা , গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰগতি…
বিজ্ঞান শতিকাৰ
সু সভ্য মানুহৰ
ৰোমাঞ্চকৰ সৃষ্টি,
নে ধ্বংসৰ ভ্ৰূণেৰে গৰ্ভৱতী হোৱা
প্ৰচণ্ড এট’মিক শক্তি ?
পংগুত্ব ,
মানৱতা ,
দাসত্ব ,
নে স্বাধীনতা ,
কাক বোলা হয় প্ৰগতি?
প্ৰগতি
তৰালেখা জুপুৰীৰ
প্ৰাসাদলে হোৱা উত্তৰণ,
ৰীতি নীতি পৰম্পৰাৰ
অযৌক্তিক ৰক্ষণাবেক্ষণ,
নে জ্ঞানৰ ডেওনা ডেই
প্ৰজ্ঞাৰ কষতিত
মণ আৰু মগজুৰ গভীৰ কৰ্ষণ ??