দোকানৰ পৰা অনা শুকান জলকীয়াৰ টোপোলাটো খুলি থাকোতে হঠাত্‍ জলকীয়া বন্ধা কাগজখনৰ ওপৰত চকু পৰিল-কাগজখনত এটা ছপা কৰা কবিতা। কৌতুহল বশতঃ কবিতাটো পঢ়ি চালোঁ। এটা আচৰিত কবিতা। কবিতাটোৰ লিখা ষ্টাইল পুৰণি-ব্ৰজাৱলী শৈলী। আনহাতে কবিতাটোৰ  মুলভাৱটো অতি আধুনিক –যেন আজিৰ ঘটনা। মোৰ ধাৰণা হ’ল কবিতাটো বোধহয় কোনোবা অৰ্বাচীন  কবিৰ প্ৰাচীন ৰচনা অথবা কোনোবা প্ৰাচীন কবিৰ অৰ্বাচীন ৰচনা। কবিতাটিৰ ৰস আপোনালোকলৈও আগবঢ়ালোঁ—

কবিবৰে বোলে শুনিয়োক বন্ধুবৰ

ৰোগী একগোটৰ কথা কহিবো ইবাৰ ||

উদৰৰ বিষে তাৰ প্ৰাণ ফাটি যায়

চৰকাৰী হস্পিতালে পশিলন্ত যাই ||

বৈদ্যলোক তাহাক যে গমিপিতি চাইল

পিত্ত পাথৰ ভৈলা বুলি থিৰ যে কৰল ||

যথাবিধি দুই-চাৰি পৰীক্ষা কৰিল

ভৰ্ত্তি কৰিয়া তাঙ্ক চেলাইন দিয়াইল ||

নসিকাৰ ৰন্ধ্ৰে দিল ৰাইলচ টিউব এক

বুলিলা কিছু বস্তু খাব নাপাৰিব ||

কিছু পৰে বৈদ্যলোক ওৱাৰ্দক যাই

দেখে ৰোগীগোট কিন্তু শয্যাতযে নাই ||

আক-তাক সুধি পাছে জানিব পাৰিল

বাহিৰ ফুৰিবাক লাগি লেট্ৰিনক গৈল ||

আতে পাচে বৈদ্যগোট কেন্টিনক গৈল

দেখন্তেই দৃষ্টি ভ্ৰম হন্ত যেন ভৈল ||

দেখে ৰোগী গোট আছে কেন্তিনত বসি

চেলাইনৰ দ্ৰিপ আছে স্কন্ধে ওলমি ||

পৰঠা,পুৰি,অমলেট সন্মুখে তাহাৰ

ৰোগী আছন্ত খাই কৰি একাকাৰ ||

আচম্বিতে ৰোগীগোট বৈদ্যক যে দেখি

ভিৰাই মাৰন্ত লৰ সবাকো যে এৰি ||

বৈদ্যগোট গইলন্ত ৰোগীৰ ওচৰে

ৰোগী দৌৰয় আগে ধৰিবাক নৰে ||

লৰি লৰি ৰোগীগোট বহুদুৰ পাইল

আচম্বিতে ৰোগীগোট নৰ্দমাত পৰিল ||

মলমূত্ৰ ৰোগীগোট একাকাৰ ভৈল

উপস্থিত সভাসদ বেঢ়ি বেঢ়ি চাইল ||

গোবিন্দ,ৰাজু আদি চাফাই কৰ্ম্মী য’ত

মহাকষ্টে ৰোগীক যে তত্‍পৰে উঠালন্ত ||

ইয়াতেই কাগজ টুকুৰা কটা। চুইপাৰ কেইজনে ৰোগীক গা-পা ধুৱাই পুনৰ হস্পিটাললৈ লৈ আহিল নে ৰোগীক ঘৰলৈ পঠিয়াই দিলে সেই কথা জানিব পৰা নগ’ল।

( বিঃ দ্ৰঃ- সঁচা ঘটনা এটাৰ আধাৰত লিখা এটি কবিতা। অলপ বেলেগকৈ চেষ্টা কৰিম বুলি ভাবোতে ব্ৰজাৱলীত লিখা হ’ল আৰু সম্ভৱ হৈ উঠিল মোৰ দেউতাৰ বলেন ডেকাৰ সহায়ত,দেউতাৰ সহায় অবিহনে এয়া এক সাধাৰণ অসমীয়া কবিতাহে হ’ল হয়। ভুল ভ্ৰান্তি হ’লে ক্ষমা কৰিব )

Related Posts

Leave a Comment

error: Content is protected !!