17
কবি: লোচন কৌশিক
এটি শৰতৰ আবেলি
জিৰ জিৰ মলয়াত কঁহুৱা হালিছিল
নীলিম আকাশৰ ঘৰমূৱা পক্ষীজাকলৈ চাই ,
আলাপৰত তুমি আৰু মই
তোমাৰ মিঠা মিঠা কথাবোৰেৰে
ক্রমশঃ মধুৰৰ পৰা
মধুৰতৰ হৈ পৰিছিল আবেলিটো….তোমাৰ সেউজসিক্ত দুচকলৈ চাই
হৈ পৰিছিলো উন্মত্ত মই…..
চিঞৰি চিঞৰি কবৰ মন গৈছিল
সময় , তুমি স্তব্ধ হৈ যোৱা…….
এনেকৈ ……… এনেকৈয়ে থাকি যোৱা চিৰদিন….!!!
কিন্তু ………!

স্তব্ধ হৈ নৰল সময় মোৰ বাবে
নিষ্ঠুৰতাৰে কাঢ়ি লৈ গল সকলো মোৰ
সকলো বোৱাই লৈ গল সময়ৰ সোঁতে
সেই নৈৰ পাৰতে ,
এৰি আহিব লগা হল মোৰ সমস্ত……..!! !
এতিয়া শৰতে মোৰ ৰিক্ত হৃদয়লৈ
নানে কঁহুৱাৰ বতৰা ,
নানে শেৱালিৰ সুবাস ,
আনে মাথোঁ সীমাহীন বিষাদ
আৰু অশ্রুৰ ডল………..!! !!!!!!!!!!!!