16
কবি: সত্যজিত কাকতি
হে সন্ধ্যা তুমি অলপ
ধীৰে যোৱানা ,
মোৰ সেমেকা গধূলিৰ
কোমলীয়া জোনটি
দেখিবলৈ পাইছো মাত্র।
জিকমিক জোনাকী পৰুৱাই
চিকমিকাই ফুৰিছে
তোমাৰ স্মৃতি ৰোমন্থন কৰি
বাৰে বাৰে আমনি কৰিছে।
আকাশৰ সিপাৰৰ
অচিন তৰাকেইটিয়ে
সোঁৱৰাই দিছেহি
বাৰে বাৰে তোমাৰ
চিনাকী মুখখনি ।
আবেগৰ অনুভূতিৰে
চকুৰে কুঁৱলী সৰিছে ,
বিষাদৰ যন্ত্রনাত সাতুঁৰি
ফুৰিছে মোৰ হদয়াকাশ ।
হে বনৰীয়া ডাৱৰ
আৱৰি নধৰিবা
মই সাৱটিব খোজা
মোৰ আকাশৰ
সেমেকা সন্ধিয়া।