20
কবি: গীতাঞ্জলি ভৰদ্বাজ
জীৱনে যেতিয়া উদযাপন কৰে দুখ
স্মৃতি তুমি হ’বানে লগৰী মোৰ
তুমি বিষাদত দিবানে মাত
মচিবানে চকুৰ পানী
আজি যদি চকুৰ পানী মোৰ লগৰী
কোন বাৰু তাৰ বাবে দায়ী
ক’বানে মোৰ লগৰী
নে মই মোৰ বাবেই দায়ী
জীৱনে যেতিয়া উদযাপন কৰে দুখ
তুমি হ’বানে লগৰী মোৰ?
হে’ মোৰ অতীতৰ বন্ধু
এতিয়াও মই তেনেই অকলশৰীয়া
তুমিওটো নাই দিবলৈ মাত
এই বিষাদত
কাক ক’ম মই মোৰ দুখ
জীৱানে যেতিয়া উদযাপন কৰে দুখ
আৰু দুখ…..খালি দুখ….
স্মৃতি তুমি হ’বানে লগৰী মোৰ?