সোৱণশিৰিলৈ মনত পৰে: মৃদুল মজিন্দাৰ বৰুৱা

by admin

সোৱণশিৰিৰ নৈপৰীয়া
গাভৰু আছিল তাই…..!
সোৱণশিৰিৰ বালিত যেতিয়া তাই
সোণ বাচিছিল..
নাৱৰীয়াবিলাকৰ চকু থৰ হৈছিল
তাইৰ..
পুৰঠ কলাফুলত…..!!
জংকীৰ দেশৰ পানৈ আছিল
তাই..
তাইৰ টনা চকুযোৰিৰ
চাৱনিত..
প্ৰাণ পাই উঠিছিল
সোণাৰু কেশৰ
আৰু
বহুতো বনৰীয়া ফুল…..!!
ককালত কলচি লৈ
মথাউৰিয়েদি উজাই
আহোতে..
কিমান যে বাটৰুৱাৰ
দিক হেৰাইছিল…..!!
মেঠনি মৰা বুকুখনেদি বৈ অহা
তৰলতাৰ বাবে..
আমাৰ দৰে কিমানৰ যে
যৌৱন নষ্ট হৈছিল…..!!
ঐনিতমৰ সুৰ বাগৰি
পৰিছিল..
তাইৰ যৌৱন দেহাৰ
খলা বমাত…..!
ডাঙৰী কঢ়িয়াই লৈ ফুৰা
তাইৰ..
লাহী ককালৰ তামোলৰ খোচত
যৌৱন বন্দী কৰিব
বিচাৰিছিল
নপামৰ ডেকাচাঙে…..!!
আস..
সোৱণশিৰি্লৈ মনত পৰে…..!!
আজিও আছে সেই
সোৱণশিৰি…..!
(আগতকৈ বহল হ’ল…..!!)
কিন্তু..
নাই..
সেই নৈপৰীয়া জংকীৰ
গাওঁখন নাই…..!!
নাই সেই উন্মত্ত যৌৱনৰ
অধিকাৰিণী পানৈ..
আজি একো নাই…..!!
ক’লৈ গ’ল বাৰু…..??
আজি..
সেই মথাউৰিতে বহি
ভাবি আছো
সেই কথা…..!
সময়ৰ সোঁতে সকলো
সলনি কৰি দিয়ে…..!!
নহয়নে…..??

Related Posts

Leave a Comment

error: Content is protected !!