অসমীয়া জনজীৱনৰ এক দলিল – শুকুলা হাতীৰ খোজ

by admin

আলোচক: চন্দন বৰা

প্ৰকৃততে অসমখনক যে আমি অসমীয়া খিনিয়ে ধ্বংসৰ মুখলৈ ক্ৰমান্নয়ে ঠেলি দিছো সেইটো সঁচা কথা। আজিৰ অসমীয়াই প্ৰকৃত সত্যতো অনুধাৱন কৰিব হয়তো টান পাব কিন্তু সেইটো সঁচা কথা। অসমৰ অতীতেই অসমক ধ্বংসৰ মুখলৈ ঠেলি দিছে এতিয়া মাথোন ই এখন বোৱতী নৈৰ দৰে প্ৰবাহমান হৈছে ধ্বংসৰ দিশলৈ। এই কথা আমি হয়তো মানুহৰ মুখে মুখে শুনি বা কাগজ-বাতৰি পঢ়ি ঠাৱৰ কৰিব নোৱাৰিব পাৰো কিন্তু বিশিষ্ট লিখক প্ৰভাত গোস্বামী দেৱৰ “ শুকুলা হাতীৰ খোজ” গ্ৰন্থ খন পঢ়িলে এই কথাৰ গতি ধৰিব পাৰি আজিৰ অসমে ধ্বংসৰ মুখলৈ কিমান দূৰ আগবঢ়ি গ’ল।

অলপতে “শুকুলা হাতীৰ খোজ” গ্ৰন্থখনি পঢ়াৰ সৌভাগ্য ঘটিছিল আৰু কিতাপ হাতত লৈ ইয়াক শেষ নকৰাকৈ থাকিব নোৱাৰিলো। গ্ৰন্থখন অসমীয়া জনজীৱনৰ প্ৰকৃত দলিল স্বৰূপ। উপন্যাস খনিৰ কাহিনীটো আৰম্ভ হৈছে হাতীৰ প্ৰতি দুৰ্বাৰ প্ৰেম থকা এটি চৰিত্ৰ মহেন্দ্ৰৰ পৰা আৰু সেই মহেন্দ্ৰ আৰু তাৰ মৌজাদাৰৰ হাতীৰ প্ৰতি থকা আকাংক্ষাৰে কাহিনীভাগ আৰম্ভ কৰি লিখকে সমগ্ৰ অসমখনক ভূৰুকাত হাতী ভৰোৱাৰ দৰে কৰি পেলালে। গ্ৰন্থখনিত মহেনেই মূল চৰিত্ৰ নাছিল আৰু কেইবাটিও চৰিত্ৰই সমানে সমানে পাঠকৰ মনত ৰেখাপাত কৰিছে আৰু সেই সমূহ চৰিত্ৰৰ যোগেদি লিখকে বিভিন্ন অধ্যায়ত বহুতো ঘটনা তথা আমি জানিব লগা নানাটা কথা সন্নিবিষ্ট কৰিছে। কিদৰে বিংশ শতিকাৰ আৰম্ভনিৰ অসমখনিত অসমৰ মানুহে নাহৰৰ গুটি জ্বলাই সন্ধ্যা কটাইছিল আৰু কিদৰে চেনী ব্যৱহাৰ নকৰি গুৰৰ ব্যৱহাৰ চলিছিল। তাৰোপৰি মৌজাদাৰী প্ৰথা, অসমীয়া সমাজ জীৱন, গাঁৱৰ জীৱন প্ৰণালী, ব্ৰিটিছ ৰাজ, স্বাধীনতাৰ সময় আৰু পট পৰিৱৰ্ত্তনৰ পৰা আৰম্ভ কৰি অসমৰ চৰকাৰী ব্যৱস্থা, চাকৰিয়ালৰ মনোভাৱ, অসমৰ বনবিভাগৰ কৰ্ম কাণ্ড, পাছৰ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি গণ পৰিষদ চৰকাৰ, গুপ্ত হত্যা আদি কৰি আজিৰ কাহিনীৰ সত্য বৰ্ণনা  দিছে গ্ৰন্থ খনিত। তাৰোপৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপট খনৰো বহুল বৰ্ণনা দিছে লিখকে। কেন্দ্ৰই অসমক কৰা অৱহেলা নেহৰুৰ পৰা আজিৰ চৰকাৰলৈ সকলো বৰ্ণনা গ্ৰন্থ খনত আছে।

তাৰোপৰি অসমৰ পৰিবেশ বিনষ্ট হোৱা আৰু ইয়াৰ বাবে প্ৰকৃততে কোন দায়ী তাকো কিতাপখন অধ্যয়ন কৰিলে বুজি পোৱা যায়। গ্ৰন্থখনত অসমত হোৱা অবৈধ বেদখল , বাংলাদেশীৰ বিচৰণ তথা অসমৰ সশস্ত্ৰ সংগঠন সমূহৰ উত্‍পত্তি তথা ইয়াৰ ফলাফলৰ বহুল বৰ্ণনা লিখকে যথেষ্ট সাৱলীল ভাৱে লিখকে উপস্থাপন কৰিছে। অসমীয়াৰ কু-কীৰ্তি সমূহ, বৰ বৰ ৰাজনৈতিক নেতাৰ পৰা সৰু পেইড লেবাৰটোলৈকে কৰা দুৰ্নীতি আৰু অনিয়মৰ মুখাখন লিখকে মুকলিকৈ খুলি দিছে আৰু ইয়াৰ জৰিয়তে ভৱিষ্যতৰ এটা সম্যক ধাৰণা আমাৰ আগত দাঙি ধৰিছে।

তদুপৰি গ্ৰন্থখন অধ্যয়ন কৰিলে অসমৰ জনজাতিসমূহ তথা শোষিত নিষ্পেষিত অসমীয়া জনজীৱনৰ এখন ধুৱাময় প্ৰতিচ্ছবি আমাৰ চকুৰ আগত আহি পৰে। কিন্তু এটা ভাল দিশ হ’ল গ্ৰন্থ খনৰ যোগেদি প্ৰকৃতি আৰু হাতীৰ সম্পৰ্কে আমি যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰো। হাতী যে মানুহৰ পৰম মিত্ৰ তাক গ্ৰন্থখনত ভালদৰে বৰ্ননা কৰা হৈছে। তাৰোপৰি হাতী ধৰাৰ কিটিপ আৰু আৰু হাতী সম্বন্ধে নানান কথাৰ বৰ্ণনা ইয়াত আছে। হস্তীৰ কণ্যা, হাতী ৰখীয়া, গজমুকুতা, হাতীৰ গৱেষণাত নিমগ্ন অসমীয়া তথা বিদেশী জন চাহাবৰ এক সুন্দৰ বৰ্ণনা গ্ৰন্থখনত আছে। তাৰোপৰি আগৰ হাতীৰ ব্যৱসায়, তাৰপৰা হোৱা লাভালাভ আৰু বিদেশত হাতীৰ চাহিদাৰ কথা মহেন্দ্ৰৰ যোগেদি লিখকে বৰ্ণনা কৰিছে। মহেন চৰিত্ৰটিৰ জৰিয়তে লিখকে প্ৰেম আৰু বিবাহৰ এক চিত্ৰপটো অংকণ কৰিছে নিজৰ ভাষাৰে।

গ্ৰন্থখন সঁচা অৰ্থত অসম তথা অসমীয়া জনজীৱনৰ এক আপুৰুগীয়া দলিল। গ্ৰন্থখনৰ অস্তিত্বই আমাক বৰ্ণনা দিয়ে অসমত চলি থকা কপটা আৰু নিষ্ঠাৰ ছবিখনৰ। গ্ৰন্থখনৰ ভাষা যথেষ্ট সাৱলীল আৰু লিখকৰ প্ৰকাশভংগী চৰিত্ৰসমূহৰ যোগেদি বৰ্ণোৱাৰ যি কৌশল সি যথেষ্ট প্ৰশংসনীয়। তাতোতকৈ প্ৰশংসনীয় কথাটো হ’ল লেখকৰ গৱেষণা। এনে এখন গ্ৰন্থ ৰচনা কৰাটো সহজ কথা নহয়। আজিৰ ফেচবুকৰ পৰা বিংশ শতিকালৈ অসমীয়া পুৰণি শব্দৰ ব্যৱহাৰেৰে যি এক বৰ্ণনা  অসমৰ জনজীৱনৰ লগত সঁচাকৈ খাপখোৱা আৰু ইয়াৰ বাবে লেখকে যিমান কষ্ট কৰি সমল গোটাই প্ৰকৃত সত্যৰ ছবি এখন আমাৰ আগত দাঙি ধৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ। গ্ৰন্থখন প্ৰকৃততে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বটা বাহনৰ বাবে উপযুক্ত। তথাপি এনেধৰণৰ উপহাৰৰ বাবে লেখকক এইছেগতে ধন্যবাদ জ্ঞাপন কৰিছো। গ্ৰন্থখনি সুন্দৰ বেটুপাত আৰু উত্‍কৃষ্ট উপস্থাপনেৰে বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে আৰু ২০১২ চনৰ উত্তৰ-পূব গ্ৰন্থ মেলাত পাঠকৰ বাবে মুকলি কৰি দিছে। এনে এখন গ্ৰন্থ অধ্যয়ন কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছো।

Related Posts

Leave a Comment

error: Content is protected !!