উদয়ভানু নাথ
মোৰ চুলিয়ে জোনাকৰ ৰং সানি লোৱাৰ সময়তো
মই তোমাৰ দেশলৈ ঢপলিয়াই যাম
কিৰাতী ৰজাবোৰে সোণোৱালী কৰি যোৱা
তোমাৰ দেশৰ সৰলতা চাম ।
দুৱৰী ৰয়, তুমি দেখুৱাব নালাগে মোক
হৃদয়লৈ যোৱা পথৰ সৌন্দৰ্য্য
ভৈৰৱচূড়া, মহাদেৱ অথবা ভূমিস্বৰে ক’ব
জীৱনত কিমানবাৰ বাট হেৰুৱালে
মানুহ হব পাৰে শিৱৰ শৈল ভাস্কৰ্য্য ।
তুমি কোৱা “স্কুলীয়া দিনবোৰত আমি নিষ্পাপ আছিলোঁ”
এতিয়া কি কি পাপ কৰিলা তুমি
মই এতিয়াও নিষ্পাপ, জানা দুৱৰী ৰয়
সুধি চোৱা তুমি
বাঘেশ্বৰী, কালী ঠাকুৰানী, জগদ্ধাত্ৰী বা বুঢ়ী আইক
কিমানখিনি পাপহীনতাত ভাস্কৰ হৈ উঠে হৃদয় ।
তুমি কামনা কৰা “তুমি সুখী হোৱা”
আৰে সুখী হম কিয়
তোমাক যে পাহৰিব নোখোজো মই
সুখ মোৰ প্ৰেম, দুখবোৰ প্ৰয়োজন
কোচ-ৰাজবংশীয়, কছাৰী, গাৰো অথবা লালুং
যোগী, ৰাভা, কলিতা অথবা মুছলমান
সুধি চোৱা ডেকা গাভৰুবোৰক
কিমান চন্দায়িত সমলয়ত
সুখ দুখবোৰ হৈ উঠে বাগুৰুম্বা অথবা কুশান ।
মোৰ দাঁতবোৰে জন্মস্থান এৰাৰ সময়তো
মই তোমাৰ দেশলৈ যাম
বঙ ৰয়ক সুধি চাম
কিমানজন বীৰ চিলাৰায়ৰ প্ৰতাপত
হাঁহি উঠে তোমাৰ দেশৰ নিচান ।
মোৰ খোজবোৰে থৰক বৰক হাঁহি মৰাৰ সময়তো
মই তোমাৰ দেশ বঙাইগাঁওলৈ যাম
চিডলী ৰাজ্যৰ ৰজা অথবা অভয়েশ্বৰীক সুধি চাম
যোগীঘোপাৰ গুহাৰ গভীৰতাত কিদৰে
প্ৰতিধ্বনিত হয় বৌদ্ধত্বৰ সন্ধান ।
দুৱৰী ৰয়,
মই তোমাৰ দেশ বঙাইগাঁওলৈ যাম
তোমাৰ দেশৰ অনিমেষ সৰলতা চাম ॥