24
গোপনে ৰাখি যাম
তোমাৰ কাষত….
মোৰ জীৱনৰ অন্তিম ইচ্ছাপত্ৰ;
হয়তো তুমি উচুপি উঠিবা
ক্ষণিকৰ বাবে….
নুঠিবও পাৰা !!
মোৰ কল্পনাৰ পৃথিৱীত
তুমিতো উচুপিয়ে থাকা
মোৰ প্ৰেৰণা হৈ …
কিন্তু ভয় নাখাবা ;
মোৰ ইচ্ছাপত্ৰত নাথাকে
কোনো দাবী নতুবা আবদাৰ ,
মোৰ ইচ্ছাপত্ৰ হ’ব
মাথো এখন উকা কাগজ ,
মাথো থাকিব …
বিশ্বাসৰ পদুলিত থকা
ভাষাহীন আস্থা … !!!