শেষপৃষ্ঠা: কমল কিশোৰ হাজৰিকা

by admin

:  “বোমা ফুটিছে, বোমা….”

: “ক’ত ? ক’ত ফুটিছে.. ??”

: “চ’ক বজাৰত…, বাতাৰ মুখত…”

: “কিমান মৰিছে ? কিমান…??”

: “এজন মৰা বুলি শুনিছো.. চৈধ্যজন আহত…”

: “বহুদিনৰ মূৰত বোমা ফুটিলে দেই ! কোনে দিলে ??”

খবৰটোৱে সৰু চহৰখনক জোকাৰি গ’ল | খন্তেক সময়ৰ বাবে থমকি ৰ’ল স্বাভাৱিক জীৱ্ন | ব্যস্ততাৰ মাজতো সকলো ব্যস্ত হ’ল খবৰটোৰ বাবে | দৌৰা-দৌৰি, হুৱা-দুৱা, চাইৰেণ… | ঠেক পথবোৰ নিমিষতে খালী হৈ পৰিল |  কোন মৰিল ? কিমানজন মৰিল ? কোনে দিলে ? ক’ত দিলে ? কিয় দিলে ?.. হাজাৰটা প্ৰশ্ন | ময়ো ব্যস্ত হ’লো খবৰটো লৈ…, ম’বাইল ফোনটো বাজি উঠিল; সিমুৰত এটা চিনাকী মাত- “তুমি ক’ত আছা ?” চিনাকী  কেইজনমানলৈ ফোন লগাই খবৰ কৰিলো, ভালেই আছে.. | আকৌ ব্যস্ত হ’লো, চহৰখনো….. |

আলোচনী এখনৰ ফাইনেল ছেটিং চলি আছে | বছৰেকীয়া আলোচনী | বিশ্ববিদ্যালয় সপ্তাহত উন্মোচন কৰা কথা | হাতত মাত্ৰ তিনি দিন আছে | মনে বিচৰা মতে গঢ় দিব বিচাৰিছিলো আলোচনী খন | কিন্ত লিখনিৰ অভাৱ; মানে ভাল পৈণত লিখনিৰ অভাৱ |  ষাঠি পৄষ্ঠাৰ আলোচনী খনৰ বাবে লিখনিৰ অভাৱ হোৱাটো দুখৰ কথা | বিশেষকৈ বিশ্ববিদ্যালয় এখনত | তথাপি চেষ্টা কৰিছো, সম্পাদকৰ কলম চলাই গৈছো |  সকলো ব্যস্ত | প্ৰুফ ৰীডাৰ, অলঙ্কাৰক, টাইপ-ৰাইটাৰ সকলো… | হঠাতে ম’বাইল ফোনটো বাজি উঠিল, সিমূৰত নিশাৰ উত্‍সুক মাতত বুজি পালো, তায়ো শুনিছে খবৰটো | ইতিমধ্যে চাৰিজন মানৰ ফোন আহিছিলেই | সকলোৰে একেই প্ৰশ্ন “ক’ত আছা?” আমনি লাগি গৈছিল শুনি শুনি | নিশাকো আশ্বস্ত কৰি ফোনটো কাটি দিলো | মনে মনে হাঁহি উঠিল | আচলতে আমি মানুহবোৰ ব্যক্তিবাদী হৈ পৰিছো | সকলোৱেই নিজকলৈহে ব্যস্ত হৈ পৰিছে | বোমা ফুটিছে চহৰখনত, এজন মৰিছে, আন চৈধ্যজন লোক আহত হৈছে | সকলোৱে ব্যস্ত খবৰটোক লৈহে, কিন্ত মৰা মানুহজনক লৈ নহয় !

: “দাদা মই এটা ফোন কৰি আহো, ঘৰত হযতো চিন্তা কৰি আছে |”-  ডিটিপি কৰি থকা ল’ৰাজনে মোক ক’লে |

ৰাতিপুৱাই কামলৈ ওলাই অহা ল’ৰাজনৰো এখন ঘৰ আছে, তাৰ কথা ভাৱিবলৈ মানুহ আছে | সিও চিন্তা কৰিছে নিজৰ ঘৰখনৰ কথা | মই তাৰফালে চাই হাঁহি দিলো | মৰম লগা ল’ৰা | এই কেইদিনত তাৰ সৈতে এটা অত্মীয়তা গঢ়ি উঠিছে | অসুখীয়া মাক আৰু বায়েকজনীৰ সৈতে সৰু পৰিয়াল তাৰ | বায়েকে চহৰখনৰ মাজমজিয়াতে পি.চি.অ এটাত কাম কৰে | মাক ঘৰত, সি ইয়াতে থাকে | প্ৰথমতে  বোলে সি কাগজ কটাকৈ সোমাইছিল, ছবছৰ মান হৈ গ’ল এই প্ৰেছটোতে | কষ্ট কৰিব পাৰে ল’ৰাটোৱে, এই কেইদিনতে গম পাই গৈছিলো | মই সি যোৱাৰ ফালে চাই থাকিলো |  হয়তো দহ মিনিট মান কাম বন্ধ থাকিব | চিগাৰেট এটা খাবলৈ মন গৈছিল মোৰো, ৰাস্তালৈ ওলাই আহিলো | ওচৰৰে গুমটি দোকানখনৰ পৰা চিগাৰেট এটা জ্বলাই ললো | সৰু পথটোত আকৌ মানুহৰ ভিৰ আৰম্ভ হৈছে | বোমা ফুটাও এঘন্টা মান হৈ গৈছিল I পাণদোকানী জনলৈ চাই সুধিলো-

: “ভাইটি দোকান বন্ধ কৰা নাই যে ? বোমা ফুটিছে নহয় বজাৰত !”

: “নাই দাদা ; বোমানো নুফুটে ক’ত ? সেই বুলিনো আৰু ঘৰতে সোমাই থাকিমনে ?”

: “কোন মৰিলে জানা নেকি ?”

: “মুচী এজন মৰিছে দাদা | বাতা দোকানৰ সন্মুখতে বাহিছিল সদায় |

: “আৰু কোনোবা মৰিছে নেকি ?”

: “নাই দাদা | কিন্ত আমাৰ গলিৰে মানুহ দুজনৰ আঘাত হৈছে, শাক-পাচলিৰ ব্যৱ্সায় কৰিছিল |”

: “তুমি ক’ত থাকা ?”

: “জাহাজঘাটত থাকো | খবৰ এটা ল’ব লাগিছিল, পিছে দোকানখনো এৰি যাব নোৱাৰো | তাকেই ভাৱি আছো কি কৰা যায় !”

প্ৰথমবাৰৰ বাবে এটা খবৰ পালো | বোমা ফুটাৰ খবৰ নহয়, মৰা মানুহজনৰ খবৰ | মৰা মানুহজনৰ এটা “চিনাকী” পালো | তেখেত মুচী আছিল, বাতা দোকানৰ সন্মুখত বহিছিল | দুদিন আগতে নিশা আৰু মই সেই মুচী জনৰ ওচৰতে চেণ্ডেল ভাল কৰিছিলো | ডেৰকুৰি মান বয়্সৰ মানুহজনৰ মুখলৈ যদিও মই বহুবাৰ চাইছিলো, তথপি মোৰ এতিয়া অলপো মনত নাই তেওঁৰ মুখৰ ছৱি | মই মোৰ জোতাযোৰলৈ চালো, দুদিন আগতে পলিছ কৰা জোতাযোৰ এতিয়াও ভালেই আছে | নিশাৰ চেণ্ডেলযোৰো ভালে আছে চাগে’ | সেইদিনাখন আধাঘন্টাতকৈয়ো বেছি সময় মানু্হজনৰ ওচৰত বহিছিলো যদিও এবাৰো তেখেতক নিজৰ বিষয়ে একো সোধা হোৱা নাছিল | প্ৰয়োজনো নাছিল সেই সময়ত | কিন্ত এতিয়া কিবা এটা দুখী দুখী ভাৱে মনটো গধুৰ কৰি দিলে মোক | সঁচাকৈয়ে বৰ ব্যক্তিবাদী হৈ গৈছো আমিবোৰ | কাইলৈ হয়তো বাতৰি কাকতত ওলাব খবৰটো ডাঙৰ ডাঙৰ আখৰেৰে… “ চহৰৰ মাজমজিয়াতে বোমা বিস্ফোৰণ, এজন নিহত আহত চৈধ্যজন” ; “ সৰু সৰু চহৰলৈ বিয়পিছে উগ্ৰপন্থীৰ কাৰ্যকলাপ, ব্যৰ্থ অসম চৰকাৰ” ; কোনো সংগঠনৰ দায়িত্ব স্বীকাৰ; ডাঙৰ ডাঙৰ বুদ্ধিজীৱিৰ কঠোৰ সমালোচনা, প্ৰতিবাদী সমদল, নাগৰিক সভা, গৰিহণা… ইত্যাদি ইত্যাদি | বাতৰিটোৰ এচুকত হয়তো ঠাই পাব সেই অখ্যাত মুচী জনে | তাৰপিছত লাহে লাহে তল পৰি যাব খবৰটোৰ লগতে মুচীজনো | আমিও লাহে লাহে পাহৰি যাম ঘটনাটো | লাহে লাহে চ’ক বজাৰ বা বাতাৰ সন্মুখৰ ঠাইখনো স্বাভাৱিক হৈ পৰিব |  মানুহৰ মনৰ পৰাও সেইদিনটোৰ দৰেই হেৰাই যাব মুচী জনো | তাৰ ঠাই অধিকাৰ কৰি লব অন্য এজন মুচীয়ে | আমি পাৰ্থক্য বিচাৰি নাপাম দুয়োজনৰ মাজত | কাৰণ দুয়োজনৰ বাবে এটাই চিনাকী “ বাতাৰ সন্মুখত বহা মুচীজন” |

গধূৰ মনটোৰে আকৌ প্ৰেছলৈ সোমাই গ’লো | ইতিমধ্যে আলোচনী খনে এটা আকাৰ লৈছিল, বাকী আছিল মাথোন শেষপৄষ্ঠাখন |

: “দাদা শেষপৄষ্ঠাত কি দিব ?”- ডিটিপি কৰা ল’ৰা জনে সুধিলে |

: “হোঃ ! ভাৱিছো ৰ’বা ! তোমাৰ ঘৰৰ সকলো ঠিকে আছেনে ?”

: “আছে.. আছে দাদা |”

: “কি দিলে ভাল হব বাৰু ?”

: “ফটো দিব নেকি ? বোমা বিস্ফোৰণৰ ফটো ??” –সি হাঁহি হাঁহি সুধিলে |

কথাটো যদিও সি পাতল কৰি কৈছিল তথাপি মোৰ মনটো শিপাই গ’ল তাৰ কথাষাৰিত |  আচলতে কথাষাৰত ভাৱিব লগীয়া বহুত আছে | তাৰ কথাত কিবা এটা আৱেগ সোমাই থকা যেন লাগিল মোৰ |  মানুহৰ আৱেগক লৈয়েইটো ব্যৱ্সায় কৰি আছো আমি সকলোৱে | বোমা বিস্ফোৰণৰ ফটোৱেই হওঁক বা বানপানীৰ ফটোৱেই হওঁক, কাকতত ছপোৱাৰ উদ্দেশ্য কি ? গণ সচেতনতা নে ধামাকা | আচলতে আমাক পৰিৱৰ্তন লাগে |  অবিবেচকৰ দৰে সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে প্ৰকাশ কৰা কিছুমান ফটো বা বাতৰিয়েই সমাজখনক দুৰ্বল কৰিছে |

মই বিচাৰি পালো শেষপৄষ্ঠাৰ বিষয় বস্তু | লিখনি এটি সংযোজন কৰি দিম | সেই লিখনিত মই বোমাৰ কথাই লিখিম, কিন্ত বোমা ফুটাৰ খবৰ নিলিখো |  মই লিখিম সেই মুচী জনৰ কথা যাৰ বাবে আজিৰ কাকতত ঠাইৰ অভাৱ, লিখিম সেই মানুহবোৰৰ কথা, বোমাৰ শব্দই যাক মনত পেলাই দিছিল কেৱ্ল আপোন মানুহজনৰ কথা, লিখিম আমাৰ কথা আৰু লিখিম লিখনিৰ অভাৱৰ বাবেই শেষপৄষ্ঠাত মুচীজনক ঠাই দিয়া ‘মোৰ’ কথা |

( বোমাত হতাহত প্ৰতিজনলৈ যাৰ খবৰ হেৰাই যায় বোমা ফুটাৰ খবৰৰ মাজত…)

Related Posts

Leave a Comment

error: Content is protected !!